CID Summons Rahul Gandhi:প্ৰসংগ ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰা

ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত চমন চিআইডিৰ, ৰাহুল গান্ধী,জিতেন্দ্ৰ সিং, বেনু গোপাল আৰু ভূপেন বৰাসহ আন চাৰি কংগ্ৰেছ নেতালৈ চিআইডিৰ চমন, ২৩ ফেব্ৰুৱাৰীত উলুবাৰীস্থ চিআইডিৰ হেডকোৱাৰ্টাৰত হাজিৰ হোৱাৰ নিৰ্দেশ

rahul gandhi

CID Summons Rahul Gandhi:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বহুচৰ্চিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ছোৱাত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে ৰজু কৰা
গোচৰমৰ্মে তদন্ত চলাই থকা চিআইডিয়ে ৰাহুল গান্ধী ,জিতেন্দ্ৰ সিং, বেনু গোপাল আৰু ভূপেন বৰা,গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া,জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মালৈ চমন জাৰি কৰিছে ৷

অহা ২৩ ফেব্ৰৱাৰীত চিআইডিৰ উলুবাৰীস্থ হেডকোৱাৰ্টাৰত আটাই কেই গৰাকী কংগ্ৰেছ নেতাক দিনৰ ১১.৩০ বজাত হাজিৰ হ’বলৈ কোৱা হৈছে ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰা শেহতীয়াকৈ বিহাৰ অতিক্ৰম কৰি উত্তৰ প্ৰদেশ প্ৰৱেশ কৰিছে । বিহাৰত ৰাহুল গান্ধীক সংগ দিছে আৰ জে ডি বিধায়িনী দলৰ নেতা তেজস্বী যাদৱে ৷

ইয়াৰ পূৰ্বে অসমৰ পৰা পশ্চিমবংগ প্ৰৱেশৰ সময়ত কোনো এজন তৃণমুল কংগ্ৰেছৰ নেতাই ৰাহুলক সংগ দিয়া নাছিল ৷ ইয়াৰ বিপৰীতে টিএমচিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই যাত্ৰাৰ বিষয়ে তেওঁ অৱগত নহয় ৷ প্ৰশাসনৰ জৰিয়তে গ’ম পোৱা বুলিহে উল্লেখ কৰে ৷ আনকি ৰাহুলক নৈশ যাপনৰ বাবে চৰকাৰী আৱৰ্ত ভৱনো নিদিলে টিএম চি চৰকাৰে ৷ যাৰফলস্বৰূপে ৰাহুল গান্ধী নিশা যাপন কৰিবলগীয়া হয় এটা ক্লাৱ ঘৰত ৷

Exit mobile version