Freedom fighter Ratnamala Gohain Passes Away:স্বাধীনতাৰ সংগ্ৰামৰ অন্যতম জীৱন্ত সাক্ষী মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যু: শোক প্ৰকাশ

MANIMALA NAGAON

Freedom fighter Ratnamala Gohain Passes Away:

‘৪২ৰ ছহিদ ভোগেশ্বৰী ফুকননীৰ কণিষ্ঠা কণ্যা, প্ৰবীণ মুক্তি যুঁজাৰু, নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰত্নমালা গোহাঁইৰ আজি পুৱা ১১.৩০ বজাত নগাঁও চহৰৰ পূব আমোলাপট্টিৰ নিজবাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বিশিষ্টা স্বাধীনতা সংগ্ৰামী গৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। উল্লেখযোগ্য যে- বিয়াল্লিছৰ গণবিপ্লৱৰ সময়ত তেওঁ মাতৃ ভোগেশ্বৰী ফুকননীৰ সৈতে হাতত পতাকা লৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল l তেওঁ ওচৰৰ গাঁৱৰ পৰা দলে বলে মানুহৰ সৈতে হাতত পতাকা লৈ শোভাযাত্ৰা কৰিবলৈ ওলাই আহিল l

পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিছে ষোড়শী গাভৰু ৰত্নমালা গোহাঁইৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগা পতাকা খন কাঢ়ি অনাৰ চেষ্টা কৰিলে l তনা আঁজোৰাত ৰত্নমালা গোহাঁই মাটিত পৰি গ’ল আৰু ত্ৰিৰংগা পতাকাৰ এনে অপমান দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পৰিল l

উত্তেজনাত তেওঁৰ হাতত থকা ৰাষ্ট্ৰীয় পতাকা খন মাৰি ডালেৰে ফিনিছ চাহাবৰ মুখত মাৰি দিলে l এনে অপমানত ক্ৰোধান্বিত হৈ ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰা ওপৰিকৈ গুলী মাৰে । ফলত ছহিদ হয় ভোগেশ্বৰী ফুকননী। ৪২’ চনৰ ১৮ চেপ্তেম্বৰত সংঘটিত এই ঘটনাৰ সাক্ষী হৈ ৰয় ভোগেশ্বৰী ফুকননীৰ কণিষ্ঠা কণ্যা ৰত্নমালা গোহাঁই।

আজি প্ৰৱীন মুক্তিযোদ্ধা ৰত্নমালা গোঁহাইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পেলায়। নগাঁও জিলা প্ৰশাসন, নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলন, শ্ৰীমন্ত শংকৰ মিশ্যন, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদা,শিৱামণি বৰা, নগাঁও জিলা কংগ্ৰেছ, নগাঁও জিলা বাৰ্তাজীৱী সংঘ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ বিয়োগত জন্মভূমি বঢ়মপুৰতো শোকৰ ছাঁ পৰিছে।

মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যুত নগাঁৱৰ আৰক্ষী প্ৰশাসনে চালামী দি সন্মান প্ৰদৰ্শন কৰে । পাছত বহু গুণমুগ্ধৰ উপস্থিতিত আমোলাপট্টিৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

Exit mobile version