Congress Government Needs Temple Taxes:কংগ্ৰেছ চৰকাৰক লাগে মন্দিৰৰ কৰ !

হিন্দু মন্দিৰৰ আয়ত ১০ শতাংশ কৰ, মন্দিৰৰ কৰ সংগ্ৰহৰ বাবে আনিলে 'কৰ্ণাটক হিন্দু ধৰ্মীয় প্ৰতিষ্ঠান আৰু পুঁজি(সংশোধনী)নতুন বিধেয়কক অনুমোদন, কর্ণাটকত নতুন বিধেয়কক লৈ বিতর্ক

karnatika

Congress Government Needs Temple Taxes:

তিৰুপতিব দৰে মন্দিৰৰ দৈনিক আয় কোটি টকাৰো অধিক। আনকি অন্ধ্র প্রদেশ চৰকাৰৰ বার্ষিক আয়কো প্রত্যাহ্বান জনাব পাৰে তিৰুপতি ন্যাসে। বুধবাৰে কংগ্রেছ শাসিত কর্ণাটকত এখন নতুন বিধেয়ক গৃহীত কৰা হ’ল। এই বিধেয়কত আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি, কর্ণাটকত যি সমূহ মন্দিৰৰ উপার্জন কোটি টকা বা
ততোধিক, সেই মন্দিৰে চৰকাৰক ১০ শতাংশ কৰ আদায় দিব লাগিব।

বুধবাৰে কৰ্ণাটক বিধানসভাত ‘হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউচনছ এণ্ড চেৰিটেবল এণ্ড ‘মেন্ট’ নামৰ বিধেয়ক গৃহীত হোৱাৰ পাছতে এক বিতৰ্কৰ সৃষ্টি হৈছে।

বিজেপিয়ে দাবী কৰি কয় যে এই বিধেয়কে প্রমাণ কৰিলে কংগ্রেছ আচলতে হিন্দু বিৰোধী দল। কংগ্ৰেছ চৰকাৰে এই বিধেয়কৰ জৰিয়তে নিজৰ শূন্য কোষাগাৰ পূৰণ কৰিবলৈ কৌশল অৱলম্বন কৰিছে বুলিও বিজেপিয়ে অভিযোগ কৰিলে। কেবল হিন্দু মন্দিৰৰ পৰা ৰাজহ সংগ্ৰহ কৰা কিয় হ’ব বুলি বিজেপিয়ে প্রশ্ন কৰে।

কর্ণাটকৰ ছিন্দাৰামাইয়া চৰকাৰৰ বিকদ্ধে’ ধর্মীয় পক্ষপাতিত্বৰ অভিযোগ আনি বিজেপিয়ে কয় যে এই ধৰণৰ হিন্দু বিৰোধী কার্য কোনোপধ্যে গ্রহণযোগ্য নহয়। আগন্তুক দিনত হিন্দু ধৰ্মাৱলম্বী জনগণে ইয়াৰ সময়োচিত জবাব দিব ৷

Exit mobile version