Farmers Protest:কৃষকৰ দিল্লী চলো প্ৰতিবাদত মৃত্যু হোৱা যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা

দুৰ্ভগীয়া পৰিয়াললৈ ১ কোটি টকা আৰু চৰকাৰী চাকৰি

farmaer

Farmers Protest:

কৃষক সংগঠন সমূহৰ যৌথ সংগঠনৰ বহুচৰ্চিত দিল্লী চলো যাত্ৰাত অংশ লোৱা প্ৰতিবাদী কৃষকক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ প্ৰভাৱত মৃত্যু হোৱা পঞ্জাৱৰ যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা ৷

উল্লেখ্য যে,২১ফেব্ৰৱাৰীত হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদী কৃষকৰ আন্দোলনৰ মাজতে আৰক্ষী আৰু কৃষক মাজত হতাহতি হয় । ইয়াৰ মাজতে কৃষকৰ মাজলৈ আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ ৷

ইয়াৰ ফলতে মৃত্যু হৈছিল যুৱ কৃষক শুভকৰণ সিঙৰ। ইয়াৰ পাছতে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী কৃষক সকল৷ মৃতদেহ মৰনোত্তৰৰৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল যদিও চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য আৰু চৰকাৰী চাকৰিৰ দাবীত মৃতদেহ নিয়াত বাধাৰোপ কৰি পৰিস্থিতি উত্তাল কৰে ৷

অৱশ্যে পাছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানে সামাজিক মাধ্যম এক্সত ততাতৈয়াকৈ পোষ্ট দি শুভকৰণৰ দুৰ্ভগীয়া পৰিয়াললৈ এক কোটি আৰ্থিক সাহায্য আৰু পৰিয়ালৰ শুভকৰণৰ ভগ্নীলৈ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘটনাৰ স’তে জড়িত থকা আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ কথাও সদৰি কৰে ৷

উল্লেখ্য যে,যুৱ কৃষক জনৰ মৃত্যুৰ বাবে প্ৰতিবাদী কৃষক সকলে দুদিনৰ বাবে দিল্লী চলো যাত্ৰা স্থগিত ৰাখে ৷ তেওঁলোকে এইটোও দাবী কৰে যে,কৃষক জনক চৰকাৰীভাৱে ছহিদ ঘোষণা কৰা হওক ৷ একেদৰে কৃষক সংগঠনে কৃষকজনৰ মৃত্যুৰ প্ৰতিবাদত ক’লা দিৱস উদযাপন কৰে ।

শেহতীয়া খবৰ অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা দুৰ্ভগীয়া কৃষকজনৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰাৰ পাছতহে মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।

Exit mobile version