Upamar Sipare:শ্ৰোতা-দৰ্শকলৈ তৰালি শৰ্মাৰ নতুন উপহাৰ ” উপমাৰ সিপাৰে “

tarali sarma

Upamar Sipare:

অনন্য সুৰ তথা কণ্ঠৰে অনুৰাগীক আকৰ্ষিত কৰি অহা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তৰালি শৰ্মাই পুনৰ শ্ৰোতা-দৰ্শকলৈ উপহাৰ দিছে আন এটি নতুন গীত । তৰালি শৰ্মাৰ বহু জনপ্ৰিয় ” ডেউকা” এলবামৰ ” উপমাৰ সিপাৰে” শীৰ্ষক তৃতীয়টো গীত আজি সন্ধিয়া মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত এক অগতানুগতিক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

তৰুণ প্ৰজন্মৰ কেবাগৰাকী সংগীতপ্ৰিয় ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ উপস্থিতিত দৃশ্য-শ্ৰাব্যৰ এই গীতটো মুকলিৰ পাছতে তৰালি শৰ্মাই মাথোঁ কয় : এই মুহূৰ্তৰ পৰা ” উপমাৰ সিপাৰে” গীতটো মোৰ পৰিবৰ্তে আমাৰ অৰ্থাৎ ৰাইজৰ হৈ পৰিল। সংগীত ভালপোৱা সকলো শ্ৰেণীৰ লোকৰ বাবে উৎসৰ্গা কৰা হৈছে এই গীতটো। আশা কৰিছোঁ তৰুণ প্ৰজন্মৰ লগতে অন্যান্যয়ো পূৰ্বৰ দৰে এই গীতটোক সমানে হেঁপাহেৰে আকোৱালি ল’ব। উল্লেখযোগ্য যে ৰাহুল গৌতম শৰ্মাৰ গীতৰ কথাক সুৰ আৰু কণ্ঠৰে প্ৰাণ দিছে শিল্পী তৰালি শৰ্মাই ।

সংগীত ব্যৱস্থাপনা প্ৰশান্ত শইকীয়াৰ, এডিচনেল প্ৰগামিং দীপকেশ বৰগোহাঁই, অভিনৱ বৰা, ঈষানু শৰ্মাৰ, সহযোগী কণ্ঠ অৰূপজ্যোতি বৰুৱা, চেহনাই পণ্ডিত লোকেশ আনন্দ, তবলা ৰাজা বৰুৱা, বাঁহী অঞ্জন মেধি ; বেছ গীটাৰ, ৰেকৰ্ড, মিক্স আৰু মাষ্টাৰ জিণ্টু বৰদলৈৰ, ৰেক’ৰ্ডিষ্ট ৰিপুঞ্জয় শৰ্মা ।

একেদৰে শিল্পী তৰালি শৰ্মা আৰু বিষ্ণু  নাথৰ নিভাঁজ অভিনয়েৰে আকৰ্ষণীয় হৈ পৰা গীতটোৰ ভিডিঅ’ৰ কাহিনী আৰু পৰিচালনা অনুপ বৰুৱাৰ । চিনেমাটোগ্ৰাফাৰ চন্দ্ৰ কুমাৰ, সম্পাদনা মানস কাশ্যপ, কেলিগ্ৰাফী অনুপ দত্তৰ । স্থিৰচিত্ৰ অলকেশ বৰুৱা, পোষ্টাৰ সৌৰভ হাজৰিকা, মেকআপ প্ৰাঞ্জল প্ৰতিম কাশ্যপ আৰু পোষ্টাৰ মেকআপ হিৰণ্য ৰঞ্জনৰ ।

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট অভিনেত্ৰী জাহানাৰা বেগমে শিল্পী তৰালি শৰ্মাকে আদি কৰি গীতটোৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী তথা কলা-কুশলীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে গীতটি বিভিন্ন অ’ডিঅ’ প্লেটফৰ্মৰ সমান্তৰালকৈ মুক্তি পাব Tarali Sarma: Windsongs নামৰ ইউটিউব চেনেলত।

Exit mobile version