Colleges With Few Students Will be Closed in The State:ৰাজ্যত বন্ধ হ’ব কম শিক্ষার্থী থকা কলেজ !

প্রতিষ্ঠিত মহাবিদ্যালয়ৰ পৰাও উঠাই দিয়া হ'ব কম শিক্ষার্থী থকা বিভাগ, ছাত্র-ছাত্রী কম থকা কলেজত শিক্ষক নিযুক্তি বন্ধৰ নিৰ্দেশ মন্ত্ৰীৰ, ৭৯ কলেজৰ মুৰব্বীৰে বৈঠক শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ

pegu

Colleges With Few Students Will be Closed in The State:

সাত বছৰত ৮০৬৬ খন প্রাথমিক বিদ্যালয় বন্ধ অথবা আন বিদ্যালয়ৰ স’তে চামিলকৰণৰ পাছত এইবাৰ উচ্চ শিক্ষাত অনুৰূপ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। যি সময়ত ৰাজ্যখনত উচ্চ শিক্ষানুষ্ঠানৰ অভাৱত বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে আধাতে শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে সেই সময়তে ৰাজ্য চৰকাৰে কম ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহ বন্ধ অথবা একত্রীকৰণ কৰিবলৈ থিৰাং কৰিছে।

উল্লেখ্য যে,এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে কালি ৰাজ্যৰ বিভিন্ন জিলাৰ পাঁচশতকৈ কম ছাত্র-ছাত্রী থকা ৭৯ খন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিসকলৰ স’তে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৰাজ্য উচ্চ শিক্ষা বিভাগৰ বৰমূৰীয়াসকল।

ইয়াৰ লগে লগে কম শিক্ষার্থী থকা এই ৭৯খন মহাবিদ্যালয়ৰ ভবিষ্যৎ অনিশ্চয়তাৰ গৰাহত পতিত হ’ব বুলি চর্চা চলিছে।

উল্লেখ্য যে,মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা কম হোৱাৰ অজুহাতত বৃহৎ সংখ্যক মহাবিদ্যালয় আন কোনো মহাবিদ্যালয়ৰে চামিলকৰণৰ বাবে প্রয়োজনীয় নীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে উচ্চ শিক্ষা বিভাগক নির্দেশ দিছে।

তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব পৰাকৈ এই সম্পৰ্কীয় খচৰা নীতি প্রস্তুত কৰি কম সংখ্যক ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহ বন্ধ কৰি দি ওচৰৰ আন কোনো মহাবিদ্যালয়ৰ স’তে চামিলকৰণৰ বাবে গ্রহণ কৰা এই পদক্ষেপৰ সমান্তৰালকৈ তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ কম ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহত নতুনকৈ শিক্ষক নিযুক্তিও বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে নির্দেশ দিছে।

এফালে শিক্ষক নিযুক্তি বন্ধৰ কঠোৰ নির্দেশ আক আনফালে কম ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহ ওচৰৰ আন কোনো মহাবিদ্যালয়ৰে চামিলকবণব এই পদক্ষেপে প্রকট কৰি তুলিছে প্রাথমিক শিক্ষা খণ্ডব দবে বাজাৰ উচ্চ শিক্ষাতো শিক্ষানুষ্ঠানৰ সংখ্যা দ্রুতহাৰত হ্রাস কৰাৰ ভয়ংকৰ ব্লুপ্রিন্ট।

উল্লেখ্য যে ,কম ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহ বন্ধ কৰি দিবলৈ শিক্ষা বিভাগে খচৰা নীতি যুগুতোৱাৰ কাৰণ ব্যাখ্যা কৰি শিক্ষামন্ত্রীয়ে তেওঁৰ এক্স হেণ্ডলযোগে প্রকাশ কৰিছে এক অদ্ভূত যুক্তি।

লক্ষ্যণীয় যে যি সময়ত -দেশৰ উচ্চ শিক্ষাত ছাত্র-ছাত্রীৰ নামভর্তির হাব ২৮.৪ শতাংশত আৰোহণ কৰিছে সেই সময়তে অসমৰ উচ্চ শিক্ষাত এই “হাৰ হ’ল মাথোঁ ১৬.৯ শতাংশ। শিক্ষামন্ত্রীজনে এই উদ্বেগজনক তথ্য সদৰী কৰি কয় যে ৰাষ্ট্রীয় শিক্ষানীতি-২০২০ৰ অধীনত ২০৩০ৰ ভিতৰত অসমৰ উচ্চ শিক্ষাত ছাত্র-ছাত্রীব নামভৰ্তিৰ হাৰ ৫০ শতাংশ স্পর্শ কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছে।

উচ্চ শিক্ষাত নামভর্তিৰ হাৰ বৰ্তমানৰ ১৬.৯ শতাংশৰ পৰা আৰু মাথোঁ ছটা বছৰৰ ভিতৰতে কিদবে ৫০ শতাংশ স্পৰ্শ কৰিব সেয়া ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ বাবে এক বৃহৎ প্রত্যাহ্বান হৈ উঠাৰ সময়তে শিক্ষা বিভাগে বাস্তর ক্ষেত্রত নামভর্তিৰ হাৰ বৃদ্ধিৰ পৰিৱর্তে মহাবিদ্যালয়ৰ সংখ্যা হ্রাস কৰি সামগ্রিকভাবে নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ পাং পাতিছে।

আনহাতে, ৰাজ্যখনৰ উচ্চ শিক্ষাত সর্বভাৰতীয় হাৰৰ তুলনাত ছাত্র-ছাত্রীৰ নামভৰ্তিৰ সংখ্যা অতি শোচনীয় হোৱাৰ সময়তে ধান্তৱ কাৰণ বিশ্লেষণৰ পৰিৱর্তে শিক্ষামন্ত্রী ডাঃ পেগুৱে এই বুলি যুক্তি দর্শাইছে যে ৰাজ্যৰ বহুসংখ্যক মহাবিদ্যালয়ে অল ইণ্ডিয়া ছার্ভে অন হায়াৰ এডুকেস্থন’ক সঠিক সময়ত প্রকৃত তথ্য যোগান নধৰাৰ বাবেহে অসমৰ উচ্চ শিক্ষাখণ্ডত ছাত্র-ছাত্রীৰ নামভৰ্তিৰ হাৰ হ্রাস পাইছে। শিক্ষামন্ত্রীজনৰ মতে, এইবাৰৰ পৰা যাতে সময় মতে সর্বভাৰতীয় সমীক্ষা  সংস্থাটোক প্রকৃত তথ্য যোগান ধৰা হয় সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে।

ৰাজ্যখনত মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে অতি ভিতৰুৱা অঞ্চলৰ ছাত্র-ছাত্রীসকলক উচ্চ শিক্ষা গ্রহণৰ বাবে -অনুপ্রাণিত কৰা তথা সহায়-সহযোগিতা আগবঢ়োৱাৰ পৰিবর্তে ঠায়ে ঠায়ে একাংশ মহাবিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা কম হোৱাৰ অজুহাত দেখুৱাই এনে মহাবিদ্যালয়সমূহক ওচৰৰ আন কোনো মহাবিদ্যালয়ৰে চামিলকৰণৰ এই পদক্ষেপে ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰখনক আৰু অধিক নিশকতীয়া কৰাৰ সম্ভাৱনাই প্রবল।

একে সময়তে নতুনকৈ এনে মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তি সম্পূর্ণরূপে বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে দিয়া নির্দেশেও সংশ্লিষ্ট মহাবিদ্যালয়সমূহত শিক্ষকৰ অভাৱৰ বাবে ছাত্র-ছাত্রীব পাঠগ্রহণ ব্যৱস্থা ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে।

উল্লেখ্য যে কেবল মহাবিদ্যালয় একত্রীকৰণেই নহয়, কোনো মহাবিদ্যালয়ত যদি পর্যাপ্ত সংখ্যক ছাত্র-ছাত্রী আছে অথচ নির্দিষ্ট কোনো বিভাগত ছাত্র-ছাত্রীৰ সংখ্যা কম, তেন্তে সেই মহাবিদ্যালয়খনৰ পৰা সেই নির্দিষ্ট বিভাগটোকে উঠাই দিয়াৰ পৰিকল্পনাও গ্রহণ কৰিছে শিক্ষা বিভাগে

ইয়াৰ ফলত সংশ্লিষ্ট বিভাগটোত নতুনকৈ শিক্ষক নিযুক্তিৰ পথো চিৰদিনলৈ ৰুদ্ধ হ’ব। একেদৰে সংশ্লিষ্ট অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে নির্দিষ্ট বিভাগটোৰ অধীনত পাঠগ্ৰহণৰ ইচ্ছা থাকিলেও সেই আশা পৰিত্যাগ কৰিবলৈ বাধ্য হ’ব। উচ্চ শিক্ষা বিভাগৰ এনেদৰে মহাবিদ্যালয়ৰ সংখ্যা হ্রাস তথা মহাবিদ্যালয়সমূহত বিভিন্ন বিভাগ বিলুপ্ত কৰিবলৈ গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে শিক্ষা বিভাগে ৰাজ্যখনৰ উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ সৰ্বভাৰতীয় হাৰৰে ফেৰ মাৰিব পৰাকৈ এক সন্তোষজনক লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে বিগত সাতটা বছৰত অসমত ৮০৬৬ খন প্রাথমিক বিদ্যালয় বন্ধ কৰি দিছে বা ওচৰৰ আন কোনো বিদ্যালয়ৰে চামিল কৰিছে। ইয়াৰে ভিতৰত ৬,৩৩৫ খন বিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বিপৰীতে ১৭৩১ খন বিদ্যালয় ওচৰৰ আন কোনো বিদ্যালয়ৰে চামিল কৰিছে।

লক্ষণীয় যে ২০১৬ত ৰাজ্যত প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা আছিল ৪৭,৮১৮ খন। সেই সময়ত ৰাজ্যখনত প্রাথমিক আৰু উচ্চ প্রাথমিক শ্রেণীত অধ্যয়নৰত মুঠ ছাত্র-ছাত্ৰীৰ সংখ্যা আছিল ৩৭,৩৯,৯৩৪ গৰাকী। ইয়াৰ বিপৰীতে ২০২৩৩ বাজ্যখনত প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা হ্রাস পাইছে ৩৯,৭৫২খনলৈ। একেদৰে এই বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কমিছে ৩০,০৫,০২০ গৰাকীলৈ। প্রায় সাত লাখ ছাত্র-ছাত্ৰীৰ সংখ্যা হ্রাস পাইছে সাত বছৰতে।

প্রাথমিক শিক্ষাখণ্ডত ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবে এনেদৰে চৰকাৰী বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীৰ সংখ্যা দ্রুতগতিত হ্রাস পোৱাৰ পাছতো ইয়াৰ পৰা শিক্ষা নলৈ এইবাৰ শিক্ষা বিভাগে অনুরূপ পদক্ষেপ প্রয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে উচ্চ শিক্ষা বিভাগক। তুলনামূলকভাবে কম ছাত্র-ছাত্রী থকা মহাবিদ্যালয়সমূহক আন কোনো মহাবিদ্যালয়বে চামিলকৰণ, ছাত্র-ছাত্ৰীৰ সংখ্যা কম থকা বিভাগ উঠাই দিয়া তথা এনে মহাবিদ্যালয়সমূহত নতুনকৈ শিক্ষক নিযুক্তি তৎকালে কার্যকৰী হোৱাকৈ বন্ধ কৰিবলৈ শিক্ষামন্ত্রীয়ে দিয়া নির্দেশে এইবাৰ ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডলৈও ভয়াবহ দুর্দশা – কঢ়িয়াই অনাৰ সম্ভাৱনা পৰিস্ফুট কৰিছে।

Exit mobile version