Delhi:চিৰিয়াখানা চাবলৈ গৈছিল এহাল নৱ দম্পতী হাৰ্ট এটেকত স্বামীৰ মৃত্যু

স্বামীৰ বিয়োগত মিয়ম্ৰাণ হৈ সাতমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পত্নীৰ আত্মহণণ

delhi 1 1

Delhi:

এক মৰ্মান্তিক আৰু দুখজনক ঘটনাই সকলোকে কৰি তুলিলে মিয়ম্ৰাণ ৷ বিবাহৰ পাছত এহাল নৱ দম্পতী চিৰিয়াখানা চাবলৈ গৈছিল ৷কিন্ত দুভাগ্যক্ৰমে দুয়ো ২৪ ঘন্টাৰ ভিতৰতে অগাপিছাকৈ কৰুণ মৃত্যুক সাবটি লয় ৷

ADVERTISEMENT

উল্লেখ্য যে,২৫ বছৰীয়া অভিষেক আহলুৱালী আৰু তেওঁৰ পত্নী চিৰিয়াখানালৈ গৈছিল ৷ তাতে আহলুৱালী হৃদৰোগত আক্ৰান্ত হয় ৷ তেওঁৰ ততাতৈয়াকৈ চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে স্বামীৰ মৃত্যুত দুখ সহিব নোৱাৰি পত্নী অঞ্জলী সপ্তম মহলাৰ পৰা জপিয়াই মৃত্যুবৰণ কৰে ৷ এই কৰুণ ঘটনা সংঘটিত হয় দিল্লীৰ গাজিয়াবাদত ৷

দুৰ্ভগীয়া পৰিয়ালে সংবাদ মাধ্যমক সদৰি কৰা মতে দুয়োৰে বিবাহ হৈছিল যোবাবৰ্ষৰ ৩০ নৱেম্বৰত ৷ নৱ দম্পতীহালে সোমব দিল্লী চিৰিয়াখানা চাবলৈ গৈছিল ৷ কিন্ত তাতে হঠাতে অভিষেকৰ বুকুৰ বিষ হোৱাত পত্নী অঞ্জলীয়ে তেওঁৰ বন্ধবৰ্গৰ জৰিয়তে ততাতৈয়াকৈ প্ৰথমেগুৰু তেগ বাহাদুৰ হাস্পতাললৈ নিয়ে যদিও পিছত উন্নত চিকিৎসাৰ বাবে সফদৰগঞ্জ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে অভিষেকক মৃত ঘোষণা কৰে।

চিকিৎসকে অভিষেক হাৰ্ট এটেকত মৃত্যু হয় বুলি পৰিয়ালক অৱগত কৰে ৷ ইয়াৰ পাছত পৰিয়ালৰ লোকে মৃতদেহ সোমবাৰে নিশা ন বজাত গাজিয়াবাদৰ বৈশালীস্থিত অহলকান এপাৰ্টমেণ্টস্থিত ঘৰলৈ নিয়া হয়।

মৃতদেহ ঘৰলৈ অনাৰ পিছতে অঞ্জলিয়ে স্বামী অভিষেকৰ নশ্বৰ দেহৰ কাষত বহি হিয়াধাকুৰি কান্দিবলৈ ধৰে। ইয়াৰ মাজতে অঞ্জলীয়ে দৌৰি তেওঁলোকৰ এপাৰ্টমেণ্টৰ সপ্তম মহলালৈ গৈ তললৈ জপিয়াই দিয়ে ৷ আকস্মিক ঘটনাত সকলো কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷

আনহাতে তেজেৰে তুমৰলি হৈ গুৰুত্বৰভাৱে আহত অঞ্জলীক তৎক্ষণাত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত এহাল দম্পত্তীৰ এনে কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ গাজিয়াবাদ অঞ্চলতে গভীৰ শোঁকৰ ছাঁ পেলায় ৷

Exit mobile version