Morigaon College Of Education:মৰিগাঁও কলেজ অৱ এডুকেচনত জিলাভিত্তিক প্ৰতিবেশী যুৱ সংসদ

যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা

morigaon

Morigaon College Of Education:

মানৱ জীৱনৰ অতিকে উল্লেখনীয় সময় হৈছে ডেকাকাল ৷ ডেকাকালত জীৱন-যৌৱনেৰে পৰিবেষ্টিত হৈ সমাজৰ প্ৰতিটো দিশত এক নিশ্চিদ্ৰ প্ৰহৰী ৰূপে আগবাঢ়ি যায় ৷ সোণ গলিবৰ সময়ত যেনেকৈ সোণ চঞ্চল হৈ পৰে আৰু সোণাৰীয়ে নিজ ইচ্ছা মতে আকাৰ দি গঢ় দিয়ে ৷ ঠিক তেনেকৈ ডেকাশক্তিক উপযুক্ত দিশত গঢ় দিব পাৰিলে এখন সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ তথা ৰাষ্ট্ৰৰ নিৰ্মান কৰিব পাৰি ৷

যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা আৰু এই ধাৰাৰে বিশ্ব মানসত উজলি উঠিব আমাৰ দেশৰ ঐতিহ্য – এই মন্তব্য আগবঢ়াই নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ পৰামৰ্শ দাতা বিশিষ্ট বক্তা ৰনদীপ নন্দীয়ে ৷ নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁও আৰু মৰিগাঁও কলেজ অৱ এডুকেছনৰ ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ উদ্যোগত আজি অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰতিবেশী যুৱ সংসদ কাৰ্যসূচী দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অনুষ্ঠান বন্তি প্ৰজ্বলেনেৰে শুভ উদ্বোধন কৰে মৰিগাঁও কলেজ অৱ এডুকেচনৰ অধ্যক্ষা ড° ডলি বুঢ়াগোহাঁয়ে ৷

অনুষ্ঠানত বক্তা অতিথি হিচাপে মৰিগাঁও কলেজ অৱ এডুকেছনৰ সহকাৰী অধ্যাপিকা ড° ৰুকছানা ৰহমান, সহযোগী অধ্যাপক তথা ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ সমন্বয়ক ইমৰান উজ জামান শ্বাহ উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায়। নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে My Bharat Vikshit Bharat @2047 ওপৰত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় ৷ অনুষ্ঠানত মডেল হায়াৰ চেকেণ্ডেৰীৰ স্কুলৰ শিক্ষক তত্ত্বাৱধায়ক ৱাহিদুৰ ৰহমান, প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সভাপতি হিতেশ শৰ্মা, নেহেৰু যুৱ কেন্দ্ৰৰ জিলা সমিতিৰ সদস্য তুলসী ডেকা উপস্থিত থাকে ৷

ৰাজ্যিক বক্তৃতা প্ৰতিযোগিতাৰ তৃতীয় স্থানপ্ৰাপ্ত গাৰ্গী ভাৰতীক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে গাৰ্গীৰ সাৱলীল বক্তৃতাই উপস্থিত সকলোকে আপ্লুত কৰে ৷ মণিকাঞ্চন যোগ স্পৰ্টচ এছচিয়েচনৰ যোগ শিক্ষক অনন্ত বৰাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা দলীয় যোগ নৃত্য , নটৰাজ ডেন্স একাডেমী জাজৰীৰ আকৰ্ষণীয় সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ যুৱ সংসদ কাৰ্যসূচীৰ আৰম্ভণিতে সংসদৰ এক চিত্ৰ উপস্থিত যুৱক-যুৱতীসকলৰ জৰিয়তে সংসদৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, চৰকাৰৰ সাংসদ, বিৰোধী সাংসদ আদি আসনত উপস্থিত যুৱ প্ৰতিনিধিক উপবিষ্ট কৰোৱাই “মক’ পাৰলিয়ামেন্ট (Mock Parliament)”ৰ দৃশ্য ৰূপায়েনে কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভা ৰাষ্ট্ৰীয় সংগীতেৰে সফল সামৰণি পৰে ৷

Exit mobile version