karnataka Congress Leader Controversial Speech:পাকিস্তান বিজেপিৰ শত্ৰু, আমাৰ নহয় কৰ্ণাটকৰ কংগ্ৰেছ নেতাৰ মন্তব্যত বিতর্ক

hariprasad

karnataka Congress Leader Controversial Speech:

কর্ণাটক বিধান পৰিষদৰ কংগ্রেছ সদস্য বি কে হৰিপ্ৰসাদৰ এক মন্তব্যই ৰাজনৈতিক বির্তকৰ সৃষ্টি কৰিছে। এআইচিচিৰ প্ৰাক্তন মুখপাত্র হৰিপ্ৰসাদে মন্তব্য কৰি কৈছিল, ‘পাকিস্তান বিজেপিৰ বাবে শত্রু দেশ হ’ব পাৰে, আমাৰ বাবে নহয়।’

ADVERTISEMENT

হৰিপ্ৰসাদৰ এই মন্তব্যৰ সন্দৰ্ভত বিধান পৰিষদৰ বিজেপি সদস্যই ব্যাপক প্রতিবাদ জনাইছে। কংগ্ৰেছ নেতা পাকিস্তান পন্থী বুলিও বিজেপিয়ে অভিযোগ কৰিছে। এই বিতৰ্কৰ পাছত হৰিপ্ৰসাদে পুনৰ ক’লে, ‘আদবানিজীয়ে পাকিস্তান ভ্ৰমণ কৰি সেই দেশৰ প্ৰতিষ্ঠাপক মহম্মদ আলি জিন্নাৰ সমাধি পৰিদৰ্শন কৰিছিল। তেওঁ সেই সময়ত কৈছিল যে জিন্নাৰ দৰে ধৰ্ম নিৰপেক্ষ আন কোনো নেতা নাছিল। তেতিয়া পাকিস্তান শত্রু দেশ নাছিল নেকি?’

Exit mobile version