Jorhat Nimatighat:
ব্ৰক্ষ্মপুত্ৰৰ বুকুত শিহৰণকাৰী ঘটনা ৷ নিমাতী- মাজুলী ফেৰীত অঘটন ৷ ম’বাইলৰে ফটো লোৱাৰ সময়ত ব্ৰক্ষ্মপুত্ৰত পৰি যায় এগৰাকী যুৱতী ৷
ADVERTISEMENT
উল্লেখ্য যে,যোৰহাটৰ নিমাতীঘাটৰ পৰা আফলামুখ ঘাট অভিমুখে গৈ থকা ‘এম ভি সপ্তেশ্বৰী’নামৰ ফেৰে খনত আহিছিল পূজা বেজবৰুৱা নামৰ যুৱতী গৰাকী।
নৈ বুকুত সৰি পৰাৰ মাজতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ হুৱাদুৱা লাগে ফেৰী খনত ৷অৱশ্যে কিছুসময় পিছতে ঘটনাস্থলীত ব’ট লৈ উপস্থিত হয় এছ ডি আৰ এফ ৷ অতি তৎপৰতাৰে নৈ বুকুৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে যুৱতী গৰাকীক ৷
সম্প্ৰতি যুৱতী গৰাকীক ভৰ্তি কৰে যোৰহাট মেডিকেল কলেজ হাস্পতালত ৷ চিকিৎসালয় সুত্ৰই সদৰি কৰে মতে যুৱতী গৰাকী বৰ্তমান সংকটমুক্ত ৷