kerela Bjp Candidate Abdul Salam:বিজেপিৰ ১৯৫ প্ৰাৰ্থীৰ একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল ছালাম

salam oky

kerela Bjp Candidate Abdul Salam:

বিজেপিয়ে শনিবাৰে ১৯৫ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ৷ লোকসভাৰ আসন্ন নির্বাচনৰ বাবে দলটোৱে ঘোষণা কৰা ১৯৫ প্রার্থীৰ নামৰ মাজত স্থান লাভ কৰা একমাত্র মুছলমান প্রার্থীৰ নাম আব্দুল ছালাম।

ছালামক বিজেপিয়ে কেৰালাৰ মাল্লাপুৰম সমষ্টিত প্রার্থিত্ব প্রদান কৰিলে। বিজেপিৰ এইজন ইছলামধর্মী প্রার্থী শিক্ষা জগতৰ স’তে ওপ্রোতঃভাবে জড়িত। কালিকট বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ছালাম কেৰালাৰ তিকৰৰ স্থায়ী বাসিন্দা।

তথ্য অনুসৰি ২০১৮ বর্ষলৈকে ছালামৰ জীৱবিজ্ঞানত ১৫৩ গবেষণাপত্র, ১৪ টা পর্যালোচনা প্রবন্ধ আৰু ১৩ খন গ্রন্থ প্রকাশ পাইছিল। ২০১৯ ত তেওঁ বিজেপিত যোগদান কৰিছিল।

২০২১ত ১৩১ নেম’ম সমষ্টিৰ পৰা কেৰালাৰ বিধানসভা সমষ্টিত ছালামে প্রতিদ্বন্দ্বিতা কৰিছিল। মনোনয়ন পত্ৰৰ স’তে সেইবাৰ দাখিল কৰা শপতনামাত ছালামে উল্লেখ কৰা অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৬.৪৭ কোটি টকা। ছালামৰ বিৰুদ্ধে অপৰাধৰ কোনো গোচৰ নাই।

Exit mobile version