STF Seize Drugs Worth Crores Of Rupees:আমিনগাঁৱত এছ টি এফৰ অভিযানত জব্দ কোটি টকাৰ ড্ৰাগছ

এগৰাকী মহিলা দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

drugs seized

STF Seize Drugs Worth Crores Of Rupees:

কামৰূপ গ্ৰাম্য জিলা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধ কঠোৰ স্থিতি লৈ থকাৰ মাজতে এছ টি এফৰ এটা দলে আমিনগাঁৱত অৰ্তকিতে অভিযান চলাই জব্দ কৰে প্ৰায় কোটি টকা মূল্যৰ ড্ৰাগছ ৷

১২টা চাবোনৰ কেচত অনা হৈছিল ১৩৯ গ্ৰাম ওজনৰ ড্ৰাগছ খিনি ৷ এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা সহ দুই সৰবৰাহকাৰীক ৷ তেওঁলোক হ’ল হামিদা বেগম আৰু খাৰছেদ আলী ৷

উল্লেখ্য যে,দুই সৰবৰাহকাৰীয়ে ড্ৰাগছ খিনি লৈ বাছেৰে লখৰাৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল ৷ ড্ৰাগছ কঢ়িয়াই অনা সম্ভেদ লাভ কৰি এছটিএফৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটা দলে আমিনগাঁৱত দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

Exit mobile version