B. Baroua College 80th Anniversary Closing Ceremony:বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

b.baruah college

B. Baroua College 80th Anniversary Closing Ceremony:

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যেগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০মাৰ্চ বৰ্ণাঢ্য বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰাক্তন বিদ্যাৰ্থী সংস্হাই বক্তৃতানুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান,বি বৰুৱাৰ মৃত্যু দিৱস, ৰক্তদান শিবিৰ, আন্ত:মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আন্ত:গাঁথনি মূলক কাম আদি বছৰযোৰা কাৰ্যসূচীৰে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে।

বৰ্ষযোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা অহা ৯মাৰ্চৰ পুৱা ৯:৩০বজাত বিশিষ্ট প্ৰাক্তন বিবিয়ান সকলৰ দ্বাৰা বি বৰুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন বিদ্যাৰ্থী সংস্হা (প্ৰা:বি:স:)ৰ ৮০ খন পতাকা উত্তোলন কৰা হ’ব।

ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰিব প্ৰা:বি:স:ৰ কাৰ্যকৰী সভাপতি ড: ধ্ৰুৱ জ্যোতি চৌধুৰীয়ে। ১০:৩০ বজাত বি বৰুৱা কলেজৰ ড:ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য প্ৰাক্তন আৰু বৰ্তমানৰ বিবিয়ানৰ মত বিনিময়ৰ ‘বিবিয়ান সতীৰ্থৰ আলাপ’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

দুপৰীয়া দুই বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।বি বৰুৱা কলেজত কৰ্মৰত আৰু অৱসৰী শিক্ষক তথা কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা প্ৰদান কৰিব লগা অনুষ্ঠানটি উদ্বোধন কৰিব বি বৰুৱা কলেজৰ অধ্যক্ষ ড: সত্যেন্দ্ৰ নাথ বৰ্মনে।প্ৰা:বি:স:ৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে ক্ৰমে মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু বিবৰুৱা কলেজ পৰিচালনা সমিতিৰ সভাপতি ড০পাৰ্থ প্ৰতিম বৰুৱাৰ লগতে বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰকিবুদ্দিন আহমেদ আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালিত পমি বৰুৱা উপস্থিত থাকিব।

একেদিনাই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। মইনুল হ’ক,জুবিন গাৰ্গ, ৰিয়াজ তালুকদাৰ, হীৰেণ শৰ্মা,হীৰক শৰ্মাকে ধৰি ভালেসংখ্যক প্ৰাক্তন বিবিয়ানে অনুষ্ঠান পৰিৱেশন কৰিব লগা এই অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গক বি বৰুৱা কলেজ প্ৰা:বি: স:ৰ তৰফৰপৰা এক উপাধি প্ৰদান কৰা হ’ব।এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰা: লি:ৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই।

অনুষ্ঠানৰ দ্বিতীয়দিনা অৰ্থাৎ ১০মাৰ্চৰ পুৱা ১০বজাত ‘বহ্ণিমান বিবিয়ান’ শীৰ্ষক অসমৰ জাতি জনগোষ্ঠী সমূহক প্ৰতিনিধিত্ব কৰিব লগা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব প্ৰা:বি:স:ৰ উপ সভাপতি হিমাংশু দাসৰ তত্ত্বাবধানত অনুষ্ঠিতব্য এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই

‘সোঁৱৰণীৰ কুঁৱলী ফালি..’ শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব দিনৰ ১১:৩০বজাত।এই অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী ইত্যাদি বিভাগৰ মন্ত্রী তথা প্ৰাক্তন বিবিয়ান জয়ন্ত মল্ল বৰুৱাই।

আবেলি চাৰি বজাত ‘বিবিয়ানৰ সুৰীয়া সন্ধিয়া’ শীর্ষক দ্বিতীয় বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।প্ৰাক্তনআৰু বৰ্তমানৰ বিবিয়ান সকলে অংশগ্রহণ কৰিব লগা এই অনুষ্ঠান উদ্বোধন কৰিব প্ৰাগ নিউজৰ স্বত্বাধিকাৰ তথা প্ৰাক্তন বিবিয়ান ড০ সঞ্জীৱ নাৰায়ণে।

আজি বি বৰুৱা কলেজত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰি বিবৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী আৰু সাধাৰণ সম্পাদক ড০ বিজয় শংকৰ গোস্বামীয়ে সংস্হাৰ তৰফৰ পৰা কলেজৰ বৰ্তমানৰ আৰু প্ৰাক্তন সকলো ছাত্ৰ -ছাত্ৰীকে উপৰি উক্ত সামৰণী অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচীতে অংশ গ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।জনায়। সংবাদ মেলখনত প্ৰা:বি:স:বিষয়ববীয়া নুৰুল হক , হেমচন্দ্ৰ পাঠক আৰু সত্য হাজৰিকাও উপস্থিত আছিল ৷

Exit mobile version