Four Thousand Prisoners Escape From Haitian Jail:হাইটিৰ কাৰাগাৰৰ পৰা চাৰি হেজাৰ কাৰাবন্দীৰ পলায়ন

জৰুৰীকালীন অৱস্থা ঘোষণা

haiti

Four Thousand Prisoners Escape From Haitian Jail:

আফ্ৰিকীয় ক্ষুদ্ৰ ৰাষ্ট্ৰ হাইটিত চৰকাৰে ৭২ ঘণ্টাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। বিগত এসপ্তাহ ধৰি দেশখনত অব্যাহত থকা ব্যাপক হিংসাত্মক ঘটনা অব্যাহত থকাৰ পাছত হাইটি চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দেশজুৰি জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিলে।

দৰাচলতে যোৱা ২৯ ফেব্ৰুৱাৰীত দেশখনৰ দুটা অপৰাধ গোটৰ সদস্যই একাধিক চৰকাৰী প্ৰতিষ্ঠানত আক্রমণ চলাইছিল। অপৰাধীৰ গোটে কাৰাগাৰতো অভিযান চলাই চাৰি হেজাৰ কয়দীক পলুৱাই নিয়ে। অস্ত্র-শস্ত্ৰৰে সজ্জিত দুর্বৃত্তৰ দলে দেশখনৰ বিভিন্ন অঞ্চলত চৰকাৰী প্রতিষ্ঠানৰ লগতে দোকান আদিত আক্রমণ চলাইছিল।

এনে আক্রমণত ১২ জন নিৰীহ নাগৰিকে প্রাণ হেৰুৱালে। হাইটিৰ প্ৰধানমন্ত্ৰী এৰিয়ল হেনৰীৰ বিদেশ যাত্ৰাৰ বিৰোধিতাৰে সশস্ত্র সংগঠনে এই অভিযান চলাইছিল। দুর্বৃত্তৰ দলে দেশখনত একাধিক কাৰাগাৰত আক্রমণ চলাই কাৰাবন্দীক মুক্ত কৰি নিয়ে।
উল্লেখ্য যে এইসকল কয়দীৰ সৰহ সংখ্যকে ২০২১ৰ হাইটিৰ ৰাষ্ট্ৰপতিৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাগাৰত আছিল।

Exit mobile version