Walk Barefoot As Well:খালী ভৰিৰেও খোজ কাঢ়ক

interst 1

Walk Barefoot As Well:

ঘৰত চেণ্ডেল, বাহিৰত জোতা। ধূলি-বালি লগাৰ ভয়ত সকলো সময়তে আপুনি পৰিধান কৰে জোতা বা চেণ্ডেল। ফলত ভৰিয়ে কেতিয়াও মাটিৰ স্পৰ্শ নাপায়। এনে অভ্যাস যদি আপোনাৰ আছে, তেন্তে আপুনি প্ৰকৃততে ভুল কৰি আছে। কাৰণ আমি মাটিৰ মানুহ, সেয়ে মাটিৰ স্পৰ্শও আমাৰ বাবে প্রয়োজনীয়।

কোনো নির্দিষ্ট বান্ধি লওক আৰু খালী ভৰিৰে কিছু সময় খোজকাঢ়ক। দুদিনমানৰ পাছতে আপুনি উপলব্ধি কৰিব পাৰিব যে আগতে কি ভুল কৰি আছিল। হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি ৰক্ত শৰ্কৰা আদি অসংখ্য অসুখৰ পৰা আপুনি ৰেহাই পাব।

খালী ভৰিয়ে মাটিৰ স্পৰ্শ পালে হৃৎস্পন্দন স্বাভাৱিক হৈ থাকে। তেজত গ্ল’কোজৰ ভাৰসাম্যও অটুট থাকে। মানসিক উত্তেজনা, অৱসাদ কমায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শেহতীয়া এক স্বাস্থ্য প্রতিবেদনত উল্লেখ কৰা হৈছে যে ভৰি মাটিৰ সংস্পৰ্শলৈ আহিলে তেজত লোহিত কণিকাৰ মাত্রা বৃদ্ধি পায়।

ফলত তেজ সহজে গোর্ট নামাৰে। তেজলৈ অক্সিজেনৰ সৰবৰাহ স্বাভাৱিক হৈ থাকে। ফলত হৃৎপিণ্ডৰ সমস্যাবোৰ হ্রাস পাবলৈ ধৰে। গৱেষকৰ মতে, দিনটোত কমেও আধা ঘণ্টা সময় খালী ভৰিৰে খোজকাঢ়িব লাগে। কমেও আধা ঘণ্টা খালী ভৰিৰে খোজকাঢ়িলে স্নায়ু স্বাভাবিক হৈ থাকে। কৰ্কট ৰোগৰ আশংকাও বহুখিনি হ্রাস পায়।

ইয়াৰ উপৰি ওজন নিয়ন্ত্রণত থাকে, মধুমেহ প্ৰতিৰোধ কৰে। আমাৰ ভৰিত অনেক ‘ৰিফ্লেক্সোল’জী জ’ন’ থাকে, যিবোৰ চকুসহ দেহৰ নানা অংগৰ স’তে যুক্ত। সেয়ে খালী ভৰিৰে খোজকাঢ়িলে দৃষ্টিশক্তি বৃদ্ধি পায়, ভৰিৰ পেশী সবল হয়, আঁঠুৰ সমস্যা দূৰ হয়, পিঠিৰ সমস্যাৰ নিৰাময় ঘটে। পুৱা খালী ভৰিৰে খোজ কাঢ়িলে সতেজ অক্সিজেন শৰীৰত প্রৱেশ কৰে। যাৰ ফলত দেহলৈ ভিটামিন ডিৰ সৰবৰাহ ঘটে।

Exit mobile version