13-Year-Old Saw A Leopard Entering A Room, Quickly Locked It Inside:আবাসীক অঞ্চলৰ এটা বাসগৃহত গুৰু গম্ভীৰ খোজেৰে প্ৰৱেশ এটা নাহৰফুটুকীৰ

বাসগৃহৰ ড্ৰয়িং ৰূমত বহি থকা এটি তেৰবছৰীয়া শিশুৱে বুদ্ধিমত্তাৰে কোঠাটোৰ পৰা ওলাই গৈ বাহিৰৰ পৰা বন্ধ কৰি দিয়ে দুৱাৰ, মহাৰাষ্ট্ৰৰ পৰা হোৱা এই ভিডিঅ 'দেশজুৰি ভাইৰেল

leoped 1
ADVERTISEMENT

13-Year-Old Saw A Leopard Entering A Room, Quickly Locked It Inside:

ড্ৰয়িংৰূমৰ চোফা এখনত আৰামত বহি ম’বাইলত মনোনিৱেশ কৰি থাকোতেই খোলা দুৱাৰেৰে গুৰু গম্ভীৰ খোজেৰে কোঠাটোলৈ সোমাই আহিল এটা নাহৰফুটুকী

সময় আছিল ৰাতিপুৱা ৭:৩০ বজাত। মহাৰাষ্ট্ৰৰ নাচিকৰ মালেগাওঁত সংঘটিত এই সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভিত

চিচিটিত বন্দী হোৱা ভিডি’অত দেখা যায় নাহৰফুটুকী এটা কোঠাত সোমাই যায়, সেই সময়ত কোঠাটোৰ মূল দুৱাৰৰ পৰা এফুট দূৰত থকা এটি তেৰবছৰীয়া শিশুৰে মুখামুখি হয় নাহৰফুটুকীটোৰ ৷

কণমানিটোৱে চিঞৰ বা আতংকিত হোৱা নাছিল৷বৰং চোফাৰ পৰা নামি দুৱাৰখন বন্ধ কৰি কোঠাটোৰ পৰা ওলাই আহিল। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে৷

আনহাতে তেৰবছৰীয়া ল’ৰাজনে নাহৰফুটুকী কোঠাটোত বন্দী হোৱাৰ খৱৰ স্থানীয় লোকক দিয়াত পাছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটোক ৷ তেৰবছৰীয়া ল’ৰাজনৰ এই সাহসীকতাক সকলোৱে একেমুখে প্ৰশংসাৰে উপচাই পেলাই ৷

Exit mobile version