5 killed as car collides with bus:হাৰিয়ানাত পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা

বাছ আৰু চাৰিচকীয়া মুখামুখি সংঘৰ্ষত থিতাতে নিহত পাঁচজন, নিহত আটাইকেইজন একেটা পৰিয়ালৰ লোক, বিয়া এখনত অংশগ্ৰহণ নিজৰ গৃহলৈ আহি থকা পথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি

hariyana

5 killed as car collides with bus:

শোকাৱহ পথ দুৰ্ঘটনা ৷ বিয়া এখনত অংশগ্ৰহণ কৰি গৃহাভিমুখী হোৱাৰ পথত বাছৰ স’তে মুখামুখি সংঘৰ্ষত চাৰিচকীয়া বাহনৰ পাঁচ আৰোহীয়ে সাবটি লয় কৰুণ মৃত্যুক ৷

ADVERTISEMENT

এই ভয়ংকৰ পথ দুৰ্ঘটনাটি আজি পুৱাতে সংঘটিত হয় হাৰিয়ানাৰ ৰেৱাৰী জিলাৰ ছিহা গাঁৱৰ সমীপত ৷

উল্লেখ্য যে, চৰখী দাদ্ৰী জিলাৰ চাং গাঁৱৰ চুৰাট, প্ৰতাপ, অজিত, বিলু ৰাম আৰু সুন্দৰনামৰ একেটা পৰিয়ালৰ সদস্য কেইজনে ৰেৱাৰী জিলাৰ ধৰুহেৰা অঞ্চলত এখন বিয়াত অংশগ্ৰহণ কৰি চাৰিচকীয়া বাহনৰে নিজ গাঁৱলৈ উভতি আহিছিল ৷

কিন্ত ৰেৱাৰী জিলাৰ ছিহা গাঁৱৰ সমীপত ৰেৱাৰী ডিপোৰ এখন ৰোডৱেজ বাছৰ স’তে তেওঁলোকৰ বাহন খনৰ মুখামুখি সংঘৰ্ষ হয় ৷

ফলত চাৰিচকীয়া বাহন খন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গাড়ীখনত থকা সকলো লোক গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ ৰেৱাৰী চহৰৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

চাং গাঁৱৰ (চৰখী দাদ্ৰী) এজন বাসিন্দাই জনোৱা মতে, নিহত আটাইকেইজনেই এটা পৰিয়ালৰ সদস্য। যোৱা কালি সন্ধিয়া ৰেৱাৰীলৈ যোৱা এটা বৰযাত্ৰী দলৰ সৈতে গৈছিল তেওঁলোক।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় আৰক্ষী আৰু গঞা উপস্থিত হয় উদ্ধাৰ অভিযানত নামি পৰে ৷ এই শোকাৱহ দুৰ্ঘটনাই চাংগাঁৰ সকলোকে মৰ্মাহত কৰি তুলিছে ৷

Exit mobile version