Color of the Shivalinga changes at different times of the day:দিনটোৰ বিভিন্ন সময়ত সলনি হয় শিৱলিংগৰ ৰং !

ভাৰতৰ ক'ত আছে অলৌকিক মন্দিৰটো ?

sivmandir 3

Color of the Shivalinga changes at different times of the day:

আজি শিৱ পূজা ৷ দেশৰ সৰ্বত্ৰে হিন্দু ধৰ্মালম্বী লোক সকলে নিজ মনোবাঞ্ছা পূৰণাৰ্থে ভীৰ কৰিছে মন্দিৰত ৷ এই খন ভাৰতত এটা শিৱ মন্দিৰত দিনটোৰ বিভিন্ন সময়ত সলনি হয় শিৱলিংগৰ ৰং ৷ ভাৰতৰ ক’ত আছে অলৌকিক মন্দিৰটো ৷

ADVERTISEMENT

কল্যানসুন্দৰেশ্বৰ মন্দিৰ ভাৰতৰ অন্যতম পুৰণি মন্দিৰ। ভিন্ন আকৃতিৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ বাবে বিখ্যাত এই শিৱ মন্দিৰটো তামিলনাডুৰ থাঞ্জাভুৰৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত স্থিত নল্লুৰ গাঁৱত ।

এই মন্দিৰটো দক্ষিণ ভাৰতৰ এক ব্যতিক্ৰমী মন্দিৰ । কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, এই মন্দিৰৰ জনপ্ৰিয়তাৰ আঁৰৰ ঐতিহাসিক ৰহস্য নিহিত হৈ আছে।

এই মন্দিৰটো প্ৰায় এহেজাৰ বছৰ পূৰ্বে ৰাজৰাজ চোলাৰ দিনত নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ গৰ্ভগৃহত থকা দুটা ক’লা শিলৰে নিৰ্মিত শিৱলিংগৰ আধা অংশ সোণৰ পাতেৰে আবৃত।

এই মন্দিৰটো পৰ্যটকৰ বাবে ‘ব্লেক পেগোডা’ বুলিও জনা যায়। অৱশ্যে এই শিৱলিংগৰ বিশেষত্ব হ’ল ইয়াৰ ৰং। দিনটোৰ বিভিন্ন সময়ত শিৱলিংগটিৰ বিভিন্ন ৰং ধাৰণ কৰে।

এই অলৌকিকতাৰ বাবেই ভক্তৱান আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মন্দিৰ ৷ শিৱ লিংগৰ ৰং কেনেকৈ সলনি হয় তাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই।

# দিনটোৰ কোন সময়ত মন্দিৰৰ শিৱলিংগৰ ৰং সলনি হয় জানো আহক ?

১) ৰাতিপুৱা ৮:৩০ বজাৰ পৰা ১০:৩০ বজালৈ লিংগৰ ৰং পাতল ৰঙা হয়।

২) পুৱা ১১:১৫ বজাৰ পৰা ১:০০ বজালৈ শিৱলিংগৰ ৰং গলিত সোণৰ দৰে।

৩) দুপৰীয়া ১ বজাৰ পৰা ৩:৩০ বজালৈ লিংগৰ সঠিক ৰং সকলোৰে অজ্ঞাত। হয়তো এই সময়ছোৱাত মন্দিৰটো কিছু সময়ৰ বাবে বন্ধ হৈ থাকে, গতিকে এই সময়ছোৱাত কোনটো ৰঙে লিংগটো ধৰি ৰাখে সেই বিষয়ে কাৰো নিৰ্দিষ্ট ধাৰণা নাই।

৪) বিয়লি ৩.৩০ বজাৰ পৰা সন্ধিয়া ৬.০০ বজালৈ ক’লা শিল শিৱলিংগৰ ৰং পুনৰ পান্না সেউজীয়া হৈ পৰে।

এনে অলৌকিকতাৰ বাবেই তামিলনাডুৰ ঐতিহাসিক কল্যানসুন্দৰেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ দৈনিক হেজাৰ হেজাৰ লোকৰ সমাগম হয় ৷

Exit mobile version