Haryana CM  Nayab Singh Saini Oath:হাৰিয়ানাত ৰাজনৈতিক অঘটন !

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনোহৰ লাল খট্টৰৰ, বিজেপি বিধায়িনী দলৰ বৈঠকত নায়ব সিং ছৈনীক বিধায়িণী দলপতি হিচাপে নিৰ্বাচিত, নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী সহ পাঁচ মন্ত্ৰীৰ শপত গ্ৰহণ

hariyana 1

Haryana CM  Nayab Singh Saini Oath:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত হাৰিয়ানাত আজি ৰাজনৈতিক অঘটন হয় ৷ সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে পদত্যাগ কৰে ৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই খট্টৰৰ পদত্যাগৰ পাছতে নতুন মুখ্যমন্ত্ৰী নিযুক্তিৰ বাবে তৎপৰ হৈ পৰে ৷

দুপৰীয়া চণ্ডিগড়ত ততাতৈয়াকৈ অনুষ্ঠিত হয় বিজেপি বিধায়িনী দলৰ বৈঠক৷ এই বৈঠকতে বিধায়িনী নেতা হিচাপে নিৰ্বাচন কৰা হয় নায়ব সিং ছৈনীক ৷ ইয়াৰ পাছতে নায়ব সিং ছৈনীয়ে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে ৰাজ্যপালক ৷

ইয়াৰ পাছতে ৰাজভৱনত অনুষ্টুপীয়াকৈ অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নায়ব সিং ছৈনীয়ে ৷ একেদৰে পাঁচ কেবিনেট মন্ত্ৰীয়েও শপত লয়। শপত বাক্য পাঠ কৰায় ৰাজ্যপাল বাণ্ডৰু দত্তাত্ৰেয়- এ ৷

শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ সহ বিজেপিৰ কে’বা গৰাকী কেন্দ্ৰীয় নেতৃবৰ্গ সহ জ্যেষ্ঠ আমোলা- বিষয়া উপস্থিত থাকে ৷

নায়ব সিং ছৈনীৰ কোন ?

১) কুৰুক্ষেত্ৰৰ সংসদীয় সমষ্টিৰ সাংসদ সদস্য আছিল নায়ব সিং ছৈনী ৷

২) অ’বিচি সম্প্ৰদায়ৰ অন্তৰ্গত ছাইনীয়ে যোৱা বছৰৰ অক্টোবৰ মাহত হাৰিয়ানা বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদ গ্ৰহণ কৰিছিল।

৩) সাংগঠনিক ভূমিকাৰ পৰা আৰম্ভ কৰি দলৰ ভিতৰত বিভিন্ন উল্লেখযোগ্য পদবীৰ মাজেৰে আগবাঢ়ি যোৱা ছৈনী ১৯৯৬ পৰাই বিজেপিৰ সৈতে জড়িত ৷

৪) ২০১৪ চনত নাৰায়ণগড় সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু ২০১৬ চনত হাৰিয়ানা চৰকাৰত মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল নায়ব সিং ছৈনীয়ে।

৫) ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক যথেষ্ট ব্যৱধানত পৰাস্ত কৰি কুৰুক্ষেত্ৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল ছৈনীয়ে।

৬) ছৈনী বিদায়ী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ সোঁহাতস্বৰূপ আছিল ৷ ছৈনীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াটো নিৰ্বাচনী আৰু জাতিগত কাৰণত প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ হিচাপে
বিবেচিত হৈছে ৷

Exit mobile version