Results of the Gunotsav have been Announced:ঘোষণা হ’ল গুণোৎসৱৰ বিদ্যালয় ভিত্তিক ফলাফল

ৰাজ্যৰ ১১,৫৯২খন বিদ্যালয়য়ে লাভ কৰে A+ গ্রেড, এ' গ্রেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ১৪,৯৩৩খন, বি' গ্রেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ৪,৬০৩খন, ১,০৩২ খন বিদ্যালয়ে লাভ কৰিছে C গ্রেড, ডি' গ্রেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ২৬১খনলৈ হ্রাস

sankardev kalakhetra

Results of the Gunotsav have been Announced:

২০২৪ বৰ্ষৰ গুণোৎসৱৰ ফলাফল আজি ঘোষণা হয় মহানগ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষা বিভাগৰ এক বিশেষ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল ঘোষণা কৰে।
২০২৪ বৰ্ষৰ গুণোৎসৱ ফলাফল অনুসৰি গুণোৎসৱত প্ৰথম স্থান অধিকাৰ কৰে শিৱসাগৰ জিলাই ৷ দ্বিতীয়,তৃতীয় স্থানত থাকে ডিব্রুগড় আৰু যোৰহাট ।

উল্লেখ্য যে,তৃতীয়বাৰৰ বাবে প্ৰথম স্থান অক্ষুন্ন ৰাখিলে শিৱসাগৰে ৷ ৩৫.৭৫ শতাংশ বিদ্যালয়ে লাভ কৰিলে A+ গ্ৰেড ৷

উল্লেখযোগ্য যে ২০২৪ৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি লৈ গুণোৎসৱ অনুষ্ঠিত হয় ৷ এই জিলা কেইখনত চলিত বৰ্ষৰ ৩-৪ জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন বহিঃমূল্যায়ন অনুষ্ঠিত হৈছিল।

আনহাতে এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগান আদর্শ বিদ্যালয়, আবাসিক বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি লোৱা হয় ৷ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ মুঠ ৩,৯৬,৩৫৪ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হৈছিল ১৮০৯৮ গৰাকীক ৷

স্মতৰ্ৱ্য যে, আজিৰ সভাতে গুণোৎসৱ ২০২৩ ত এ+লাভ কৰা ১২ হেজাৰ ৪৭ খন বিদ্যালয়ক পাৰিতোষিক প্ৰদান কৰাৰ লগতে শিক্ষা বিভাগৰ অধীনত ৯২ সহকাৰী অধ্যাপক আৰু ৩৭ গৰাকী তৃতীয়বৰ্গৰ কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে নিযুক্তি পত্ৰ ৷

Exit mobile version