Arvind Kejriwal Granted Advance bail:অৰবিন্দ কেজৰিৱাললৈ অগ্ৰিম জামিন আদালতৰ

ইডিৰ চমন অমান্য কৰা গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ, পুৱাতে হাজিৰ হৈছিল আদালতত

kejriwal

Arvind Kejriwal Granted Advance bail:

আবকাৰী কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অগ্ৰিম জামিন ৷

উল্লেখ্য যে,আবকাৰী কেলেংকাৰী গোচৰত ইডিয়ে সোধপোছৰ বাবে আঠখনকৈ চমন অৰবিন্দ কেজৰিয়াললৈ প্ৰেৰণ কৰিছিল যদিও প্ৰতিবাৰেই ইডিৰ চমনৰ প্ৰতি কোনো সহাৰী দিয়া নাছিল ৷ যাৰবাবে ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে দিল্লীৰ ৰাউজ এভিনিউ আদালতত অভিযোগ দাখিল কৰিছিল।

আনহাতে আদালতে ইডিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি১৬ মাৰ্চত কেজৰিয়ালক সো-শৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ৰাউজ এভিনিউ আদালতে ৷

সেই অনুসৰি শনিবাৰে পুৱাভাগতে আদলতত কেজৰিয়াল উপস্থিত হয় আৰু আগতিয়া জামিন আৱেদন কৰি সেই জামিনো লাভ কৰে।

মনকৰিবলগীয়া যে,তিনি ফেব্ৰুৱাৰীত আদালতত আৱেদন দাখিল কৰিছিল ইডিয়ে আৰু ৭ ফেব্ৰুৱাৰীত এই আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কেজৰিৱালক আদালতত হাজিৰ হ’বলৈ আৰু বিবৃতি দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Exit mobile version