Number of bees in the world is declining:বিশ্বত কমি আহিছে মৌমাখিৰ সংখ্যা !

নিজৰ ‘বন্ধু’ক সুৰক্ষা দিবলৈ ১২৪ একৰ ফাৰ্ম হাউচ খুলিলে হলিউদৰ এজন জনপ্ৰিয় অভিনেতাই

usa 1

Number of bees in the world is declining:

বিশ্বৰ মুঠ খাদ্য উৎপাদনৰ এক তৃতীয়াংশ মৌমাখিৰ ওপৰত নিৰ্ভৰশীল। এই দাবী বিজ্ঞানীসকলৰ ৷ কিন্তু শেহতীয়াকৈ অত্যাধিক পৰিমাণৰ কীটনাশকৰ ব্যৱহাৰৰ বাবে পৃথিৱীত ক্ৰমাৎ মৌমাখিৰ সংখ্যা কমি আহিছে।

মৌমাখিৰ সংখ্যা বৃদ্ধিকৰণ আৰু সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় অভিনেতা মৰ্গান ফ্ৰীমেনে ৷

উল্লেখ্য যে,১৯৩৭ ত ইজিপ্তৰ মেম্ফিছত জন্মগ্ৰহণ কৰিছিল মৰ্গানৰ। পাঁচজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল কনিষ্ঠ । মৰ্গানৰ পিতৃ-মাতৃয়ে কৰ্মৰ খাতিৰত অধিক সময় অতিবাহিত কৰিছিল আমেৰিকাৰ চিকাগোত । যাৰবাবে মৰ্গানৰ শৈশৱকাল পাৰ হৈছিল মিচিচিপিৰ আইতাকৰ ঘৰত ।

অৱশ্যে পৰৱৰ্তী সময়ত মৰ্গানৰ পিতৃ-মাতৃকে ধৰি গোটেই পৰিয়ালটো চিকাগোৰ পৰা প্ৰত্যাৱৰ্তন কৰি মিচিচিপিলৈ উভতি আহি গ্ৰীণউড অঞ্চলত থাকিবলৈ লয় ৷

উল্লেখ্য যে, মৰ্গান পৰিয়ালৰ মিচিচিপিত আছে ১২৪ একৰ ভূমিৰ এটা বৃহৎ ফাৰ্ম হাউচ । এই ফাৰ্ম হাউচতে মৰ্গানে মৌমাখিৰ বাবে নিৰ্মাণ কৰে ঘৰ । ২০১৪ চনত মৰ্গানে আৰ্কান্ সাছৰ পৰা ২৬টা মৌচাক লৈ গৈছিল মিচিচিপিৰ এইখন ফাৰ্মলৈ। ফাৰ্ম হাউচতে সেইবোৰ স্থাপনৰ অত্যাধুনিক ব্যৱস্থাও কৰে ৷

আনহাতে , মৌমাখিৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ সন্দৰ্ভত মৰ্গানে কয়, অত্যধিক হাৰত কীটনাশকৰ ব্যৱহাৰৰ বাবে সমগ্ৰ বিশ্বতে মৌমাখিৰ সংখ্যা হ্ৰাস পাইছে। ২০১৬ চনলৈকে আমেৰিকাত মৌমাখিৰ কলনীৰ সংখ্যা ৪৪ শতাংশ হ্ৰাস পাইছে। গতিকে মৰ্গানে নিজৰ ফাৰ্ম হাউচতে মৌমাখিৰ এটা কলনী সৃষ্টি কৰিলে।

মনকৰিবলগীয়া যে,মৰ্গানে মাৰ্কিন সেনাবাহিনীত যোগদান কৰিবলৈ যোৱাৰ বাবে চিনেমাত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী কালত ১৯৫৫ চনৰ পৰা চাৰি বছৰ সেনাবাহিনীত সেৱা আগবঢ়াই পুনৰ ঘূৰি আহে অভিনয় ক্ষেত্ৰলৈ । ইয়াৰ বাবে তেওঁ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে অভিনয়ৰ প্ৰশিক্ষণ আৰম্ভ কৰে ।

১৯৬০ চনত মৰ্গানে থিয়েটাৰ আৰু চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ১৯৭০ চনত মৰ্গান সৰু পৰ্দাত জনপ্ৰিয় হৈ পৰিছিল। নব্বৈৰ দশকৰ পৰা তেওঁ কেইবাখনো সফল ছবিয়ে দশৰ্কৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

পৰিৱেশ সজাগতাৰ সৈতে জড়িত থাকি বিভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰি ৮৬ বছৰীয়া বৰ্ষীয়ান মাৰ্কিন অভিনেতাজনে মৌমাখিৰ বংশ বৃদ্ধিকৰণৰ বিপ্লৱত ওতপ্ৰোতভাবে জড়িত হৈ আছে ৷

Exit mobile version