Five Lakh Rupees Seized In South Salmara:নিৰ্বাচনী বিধি বলবতৰ মাজতে মানকাচৰত জব্দ পাঁচ লক্ষাধিক টকা

salmara

Five Lakh Rupees Seized In South Salmara:

শণিবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যত বলবত হোৱা নিৰ্বাচনী বিধিৰ পাছতে আৰক্ষীয়ে ৰাজপথত আৰম্ভ কৰিছে নাকা চেকিঙ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীয়ে কলাবাৰীৰ ৰাজপথত তালাচী চলাই এজন লোকৰ পৰা জব্দ কৰে প্ৰায় ৫,৩২,৫০০ টকা।

গোৱালপাৰাৰৰ বাসিন্দা ছৰিফুল ইছলাম নামৰ যুৱকজনৰ পৰা নাকা চেকিঙত দক্ষিণ শালমাৰা আৰক্ষীয়ে জব্দ কৰে উল্লিখিত ধনখিনি ৷

উল্লেখ্য যে,যুৱকজনে ধনখিনি লৈ নিজৰ মটৰ চাইকেলেৰে দক্ষিণ শালমাৰাত প্ৰৱেশ কৰাৰ সময়তে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় উক্ত ধনখিনি ৷

মনকৰিবলগীয়া যে,দেওবাৰেও দক্ষিণ শালমাৰা আৰক্ষীয়ে এই স্থানতে তালাচী চলাই এজন লোকৰ পৰা জব্দ কৰিছিল একলাখ ষাঠি হেজাৰ টকা ৷ একেদৰে মানকাচৰৰ মিৰজুমালাতো মানকাচৰ আৰক্ষীয়ে জব্দ কৰিছিল ২,৪৪,০০০ টকা ৷

নিৰ্বাচনী বিধি বলবৎ হোৱা পাছত কোনো ব্যক্তিয়ে ৫০ হেজাৰৰ উপৰঞ্চি ধন নিয়াত বাধাৰোপ কৰিছে নিৰ্বাচন আয়োগে ৷আনহাতে জব্দকৃত ধন খিনিৰ গৰাকীয়ে পৰৱৰ্তী সময়ত উপযুক্ত প্ৰমাণ জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত উপস্থাপন কৰিহে ধন খিনি মোকোলাই নিব পাৰিব ৷

নিৰ্বাচনী বিধি বলবতৰ সময়ত কোনো লোকে পঞ্চাশ হেজাৰতকৈ অধিক টকা নিবলৈ হ’লে আগতীয়া অনুমতি ল’ব লাগিব জিলা প্ৰশাসনৰ পৰা ৷

Exit mobile version