Hailakandi Parlour Incident: হাইলাকান্দিত অঘটন !

ইউনিচেক্স পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ হ’ল পাৰ্লাৰ গৰাকীৰ মৃতদেহ

hailakadi

Hailakandi Parlour Incident:

হাইলাকান্দিত অঘটন ৷ এখন পাৰ্লাৰৰ ভিতৰত পাৰ্লাৰ গৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

হাইলাকান্দিৰ মাজমজিয়াত থকা সূৰ্য মাৰ্কেটত থকা ৰিলেকছ ইউনিচেক্স পাৰ্লাৰ খনৰ ভিতৰৰ এটা বাকচত উদ্ধাৰ হয় উত্তম শীল নামৰ যুৱকজনৰ মৃতদেহ ৷

আজি পুৱা পাৰ্লাৰ খনৰ কৰ্মচাৰী এজনে পাৰ্লাৰ খোলাৰ পিছত বাকচটোত প্ৰত্যক্ষ কৰে মৃতদেহটো । ইয়াৰ পাছত হাহাকাৰ লাগে ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ তদন্তহে সমস্ত ঘটনা পোহৰলৈ আহিব ৷

Exit mobile version