Ireland’s Prime Minister Resigns suddenly:হঠাৎ পদত্যাগ আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

airalend

Ireland’s Prime Minister Resigns suddenly:

পদত্যাগ কৰিলে আয়াৰলেণ্ডৰ প্রধানমন্ত্রী লিউ ভাৰাডকাৰে। যোৱা নিশা নিজৰ পদত্যাগব সিদ্ধান্তব কথা সদৰী কৰি ভাৰাডকাৰে ঘোষণা কৰা অনুসৰি, তেওঁ আয়াৰলেণ্ডৰ শাসক দল ফাইন গেলৰ নেতাৰ পদো ত্যাগ কৰিলে।

ৰাজধানী ডাবলিনৰ সংবাদমেলত ভাৰাডকাৰে ক’লে, ‘মই ফাইন গেল দলৰ সভাপতি আৰু নেতৃত্বৰ পৰা অব্যাহতি ল’লো। মোৰ উত্তৰসুৰীয়ে এই পদ গ্রহণ কৰাৰ লগে লগে প্রধানমন্ত্রী পদৰ পৰাও মই অব্যাহতি ল’ম।’

ভাৰাডকাৰে অৱশ্যে তেওঁৰ পদত্যাগৰ কোনো কাৰণ সদৰী কৰা নাই । সম্প্রতি তেওঁৰ কোনো নির্দিষ্ট ব্যক্তিগত বা ৰাজনৈতিক পৰিকল্পনা নাই বুলিও পদত্যাগী প্রধানমন্ত্রীজনে দাবী কৰিছে ৷

Exit mobile version