Narendra Modi Arrives in Bhutan on a two-day Visit:দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত নৰেন্দ্ৰ মোডী

বিমানবন্দৰত মোডীক উস্ম আদৰণি ভূটানী প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ড্ৰাক গ্যেল্পোৰে সন্মানেৰে সন্মানিত

bhutan main

Narendra Modi Arrives in Bhutan on a two-day Visit:

দেশৰ লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰিভাযানৰ মাজতে আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী।

পুৱাতে ভূটানৰ পাৰো আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক ৰাজকীয় আদৰণি জনায় ভূটানী প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইয়ে ।

উল্লেখ্য যে , প্ৰধানমন্ত্ৰী মোডী ২১মাৰ্চত ভূটানলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে ভ্ৰমণসূচী এদিন পিছুৱাই দিয়া হয় ৷

চুবুৰীয়া পৰ্বতীয়া দেশ ভূটানৰ স’তে ভাৰতৰ সমন্ধ অধিক সুদৃঢ় কৰাৰ লগতে দেশ খনৰ উন্নষণৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে মোডীৰ ভ্ৰমণ অধিক তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

উল্লেখ্য যে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আজি ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ড্ৰাক গ্যেল্পো (Druk Gyalpo) ৰে সন্মানেৰে সন্মানিত কৰা হয় ৷

মোডীয়ে ভূটানৰ কে’বাটাও চৰকাৰী কাৰ্যসূচীত উপস্থিত থকাৰ লগতে ভূটানী ৰজা আৰু প্ৰধানমন্ত্ৰীৰ স’তে এক আলোচনাত মিলিত হ’ব ৷

Exit mobile version