Lat Mandal Arrested in Lakhimpur:লখিমপুৰত গ্ৰেপ্তাৰ লাট মণ্ডলক

জালিয়াতিৰে মাটি নামজাৰি কৰাৰ অভিযোগ

latmandal

Lat Mandal Arrested in Lakhimpur:

জালিয়াতিৰে মাটি নামজাৰি কৰাৰ অভিযোগত লখিমপুৰত গ্ৰেপ্তাৰ লাট মণ্ডল ৷ আটকাধীন লাট মণ্ডলজনৰ নাম মদন হাজৰিকা।

উল্লেখ্য যে,যোৰহাট মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত জালিয়াতিৰে মাটি নামজাৰি কৰা সন্দৰ্ভত এক গোচৰ চলি আছিল ।

আদালতত এই সম্পৰ্কীয় গোচৰত আদালতৰ নিৰ্দেশ অমান্য কৰিছিল লাট মণ্ডল মদন হাজৰিকাই ৷ যাৰবাবে আজি আদালতৰ নিৰ্দেশ অনুসৰি লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল জনক।

Exit mobile version