Many Different Types of Stomach Problems And Solutions During the Hot Days:গৰমৰ দিনত পেটৰ নানা সমস্যা আৰু সমাধান

india

Many Different Types of Stomach Problems And Solutions During the Hot Days:

বেক্টেৰিয়েল ইনফেকচনত এন্টি-বায়’টিক আৰু প্র’ট’জোবল ইনফেকচনত এন্টি-এমেবিক ঔষধ দিয়া হয়। অৱশ্যে ইয়াৰ পৰা ৰেহাই পাবলৈ পর্যাপ্ত পৰিমাণে দৈ খাব পাৰে।

⇒ ভাইৰেল ডায়েৰীয়া হ’লে বিশেষ চিন্তাৰ কাৰণ নাথাকে। ৰোগীক অ’ আৰ এছৰ পানী বা নিমখ আৰু চেনিৰ পানী নিয়মিতভাবে খুৱাই থাকিব। বমি বন্ধ কৰিবলৈ ড’মপেৰিড’ন টেবলেট দিব পাৰে।

পেট কামুৰিলে Maftal Spas সেৱন কৰিব পাৰে। এদিনত যদি বমি বা পানী পায়খানা বন্ধ নহয় তেন্তে চিকিৎসকৰ ওচৰলৈ নিব। প্রয়োজন অনুসাৰে চিকিৎসকে আই ভি (ইন্ট্রা-ভিনাছ) ফ্লুইড দিয়ে, কাৰণ পানী বেছিকৈ কমিলে কিডনীত প্রভাৱ পৰিব পাৰে৷

⇨ মানুহৰ এটা ভুল ধাৰণা আছে ‘যে ডায়েৰীয়া হোৱা ৰোগীক আহাৰ-পানী খাবলৈ দিব নালাগে। কাৰণ বমি আৰু পানী পায়খানাৰ জৰিয়তে গোটেইবোৰ ওলাই যায়। কিন্তু এই ধাৰণা সম্পূর্ণ ভুল।

ইয়াৰ ফলত বিপদ বাঢ়িবহে পাৰে। ৰোগীক নিয়মিত সময়ৰ ব্যৱধানত নাৰিকলৰ পানী, নেমুৰ ৰস (সামান্য নিমখ আৰু চেনি মিহলাই), লচ্চী, দাইলৰ পানী, অ’ আৰ এছ পানী, পাতল খিচিৰি আদি লঘু খাদ্য খুৱাই থাকিব লাগে। মাত্র তেলত ভজা, পোৰা আদি খাদ্যৰ পৰা ৰোগীক আঁতৰাই ৰাখিব।

Exit mobile version