What to do,what not to do during Menstruation:ঋতুস্ৰাৱৰ সময়ছোৱাত কি কৰিব,কি নকৰিব?

oeriod

What to do,what not to do during Menstruation:

নাৰীয়ে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কেতবোৰ সমস্যাৰ সন্মুখীন হয়। কিন্তু এই সমস্যাবোৰৰ পৰা বাচিবলৈ ব্যায়াম কৰা উচিত নে অনুচিত, সেই বিষয়ত বহুতেই বিবুধিত পৰা দেখা যায়।

এটা ভ্রান্তিমূলক ধাৰণা আছে যে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কোনো ধৰণৰ ব্যায়াম কৰা উচিত নহয়। বিছনাত পৰি থাকি বিশ্রাম লোৱাই শ্রেয়। কিন্তু ব্যায়াম কৰা অনুচিত বুলি ভবাটো একেবাৰে ভুল। কাৰণ সেই সময়ছোৱাত ব্যায়াম কৰাৰ ফলত নাৰীৰ শৰীৰৰ গঠন সঠিক হৈ থাকে। লগতে সেই সময়ছোৱাত সৃষ্টি হোৱা যন্ত্রণা (বেক পেইন আৰু এবড ‘মিনেল ক্রেম্প)ৰ পৰাও সকাহ পোৱা যায়। কিন্তু নাৰীয়ে, বিশেষকৈ কম বয়সীয়া ছোৱালীয়ে জানিব লাগিব যে সেই বিশেষ সময়খিনিত কি ব্যায়াম কৰিব বা কি নকৰিব। কাৰণ সকলোবোৰ ব্যায়াম সেই সময়ত শৰীৰৰ বাবে উপযোগী নহয়।

# জাম্পিং, ৰাণিং বা কিকিং হাই কেতিয়াও নকৰিব। আচলতে সেই সময়খিনিত শৰীৰৰ সহনশক্তিৰ মাত্রা হ্রাস পায়।

# মর্ণিং বাক নিশ্চয় কৰিব, কিন্তু দ্রুতগতিৰে খোজ নাকাঢ়িব।

# মাটিত নবহি বজ্রাসন কৰি বহাৰ চেষ্টা কৰিব। তেনে কৰিলে গর্ভাশয় আৰু ডিম্বাশয়ৰ কোনো ক্ষতি নহয়। লগতে গর্ভাশয় আৰু ডিম্বাশয়ৰ গঠনো ভালে থাকে।

#এই সময়ছোৱাত ক’ল্ড ড্রিংক, আইচ ক্রীম আদি শীতল খাদ্যবস্তু গ্ৰহণ নকৰাই ভাল। কৰিলেও যিমান পাৰি কম হ’ব লাগে। শীতল খাদ্য খালে ডিম্বাশয়ত যন্ত্রণা হোৱাৰ সম্ভাৱনা থাকে।

# যোগ কৰাসকলে নৌকাসন আৰু হলাসন একেবাৰে নকৰিব। গোমুখ আসন বা ধনুৰাসন কৰিব পাৰে। বিশেষ সময়খিনিত সবাতোকৈ উপযোগী হ’ল প্রাণায়াম। প্ৰাণায়ামৰ অনুলোম-বিলোম, শীতলী, শিতকাৰী, ভ্ৰামৰী কৰিলে সেই সময়ছোৱাত দেখা দিয়া খিংখিঙিয়া স্বভাৱ আৰু মন বেয়া হোৱা আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

#এটা কথা মনত ৰাখিব যে ব্যায়াম কৰাৰ পাছত ভালদৰে আৰাম কৰিব।

#ঋতুস্ৰাৱৰ সময়ত জিমলৈ গৈ তলপেটৰ কোনো ব্যায়াম একেবাৰে নকৰিব।

#শৰীৰৰ ওপৰ অংশৰ ব্যায়াম কৰিব পাৰে।

# যি ব্যায়ামেই কৰে সকলোতে কান্ধৰ প্ৰয়োগ কৰিব। লাইট ৱেইট ব্যৱহাৰ কৰিব।

তাকো শৰীৰৰ ওপৰ অংশৰ বাবে।

# জিমলৈ গৈ মেচিনৰ ব্যৱহাৰ একেবাৰে নকৰিব।

Exit mobile version