Maoists clash with security forces in Chhattisgarh:
চত্তীশগড়ৰ বস্তাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বীজাপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে ৰাজ্য খনৰ সীমামুৰীয়া অঞ্চলত কুটাঘাতমূলক কাৰ্য সংঘটিতৰ বাবে সংগোপনে সাজু হৈছে মাওবাদী ৷
মাওবাদীৰ এনে পৰিকল্পনাৰ সম্ভেদ লাভ কৰি আজি বীজাপুৰ জিলাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে চলাই অভিযান ৷ বাচাগুড়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিপুৰভাট্টি গাঁৱৰ ওচৰৰ তালপেৰু নদীৰ কাষত অৱস্থিত বনাঞ্চলত এই অভিযানৰ মাজতে মাওবাদীৰ এটা দলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ৷
দুয়োপক্ষৰ মাজত বহু সময় গুলীগুলিত থিতাতে নিহত হয় ছজনকৈ সশস্ত্ৰ মাওবাদী ৷ নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা কেডাৰো আছে। নিহত মাওবাদী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাৰ অস্ত্ৰ-শস্ত্ৰ সহ বোমা বিস্ফোৰক সামগ্ৰী। মৃত মাওবাদীসকলৰ চিনাক্ত এই পৰ্যন্ত কৰিব পৰা নাই ৷