Nomination Submit:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি কে’বাগৰাকী হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোৰহাটত তপন গগৈ,কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, লখিমপুৰত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মনোনয়ন দাখিল উদয় শংকৰ হাজৰিকাৰ, শোণিতপুৰত শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু  আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যৰ মনোনয়ন দাখিল

hbs 4

Nomination Submit:

ৰাজ্যৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে আজি কে’বাটাও সংসদীয় সমষ্টিত বহু কেইজন হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰে ৷

যোৰহাটত শক্তি দেখুৱালে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । যোৰহাট ষ্টেডিয়ামৰ পৰা মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স’তে তপন গগৈয়ে এখন গাড়ীত উঠি প্ৰায় ৫০ হাজাৰৰ অধিক সমৰ্থকক লগত লৈ দীঘলীয়া সমদলৰে আহি দাখিল কৰে মনোনয়ন । তপন কুমাৰ গগৈক সংগ দিয়ে অগপৰ সভাপতি অতুল বৰা,কেশৱ মহন্ত সহ দলীয় বিধায়ক সকলে ৷

আনহাতে কাজিৰঙাত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বৃহৎ সমদলৰে আহি দাখিল কৰে মনোনয়ন ৷

ইয়াৰ পূৰ্বে এক বিশাল সভা অনুষ্ঠিত হয় ৷য’ত উপস্থিত থাকে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,অগপৰ সভাপতি অতুল বৰা ,কেশৱ মহন্ত সহ কে’বা গৰাকী মন্ত্ৰী- বিধায়কে । মনোনয়ন দাখিলৰ পূৰ্বে আঠখেলীয়া নামঘৰত সেৱা ল’লে কামাখ্যা প্ৰসাদ তাছাই।

ইপিনে,লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও কে’বা সহস্ৰাধিক সমৰ্থকৰে সমদল কৰি আহি আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন ৷ হাজৰিকাক সংগ দিয়ে এপিচিচিৰ সভাপতি ভূপেন বৰা সহ কে’বাজনো বিধায়কে ৷ উল্লেখ্য যে,হাজৰিকাৰ স’তে পৰিলক্ষিত নহ’ল নাওবৈছাৰ বিধায়ক ভৰত নৰহক ৷

আনহাতে , শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মনোনয়ন দাখিল ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ সংকল্প লৈছে বিজেপি আৰু সহযোগী দলৰ নেতা কৰ্মী সকলে ৷ আজি বিজেপি প্ৰাৰ্থীজনে মনোনয়ন দাখিল কৰে ৷

 ৰঞ্জিত দত্তক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল,জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত দাস,ইউ পি পি এলৰ ৰনগৌৰা নাৰ্জাৰী,ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেজপুৰৰ অগপ বিধায়ক পৃথিৰাজ ৰাভা,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহপুৰিয়াৰ বিধায়ক অমিয় ভূঞা,বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বু, কিশোৰ উপাধ্যায়, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া আদিয়ে৷ইয়াৰ পূৰ্বে জয়মতী পথাৰত এখন বিশাল নিৰ্বাচনী সভাও অনুষ্ঠিত হয়৷চহৰৰ মাজেৰে বিভিন্ন সাংস্কৃতিক দল সহ বিশাল শোভাযাত্ৰা কৰি আহি দত্তই মনোনয়ন দাখিল কৰে ৷

শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যই প্ৰায় পাঁচ শতাধিক সমৰ্থকৰ স’তে সমদল কৰি আহি তেজপুৰস্থ আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন ৷

Exit mobile version