Noonmati:মহানগৰীৰ নুনমাটিত অঘটন !

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ

noonmati thana

Noonmati:

মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ নদীত গা ধুবলৈ গৈ বুধবাৰে সন্ধানহীন হয় কিশোৰ এজন ।ইতিমধ্যে এছ ডি আৰ এফৰ দলে নদীত অভিযান চলাই আজি কিশোৰজনৰ নিথৰ দেহ উদ্ধাৰ কৰে ।

নিহত ছাত্ৰজন নুনমাটিৰ শংকৰ-মাধৱ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ইনজামুল হক । মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, বুধবাৰে ইনজামুলে দুজন বন্ধুৰ স’তে নুনমাটিৰ চূণচালিৰ ব্ৰহ্মপুত্ৰত গৈছিল গা ধুবলৈ গৈছিল । আনহাতে নুনমাটি আৰক্ষীয়ে ইনজামুলৰ দুই বন্ধুক সোধপোছ কৰিছে ৷

Exit mobile version