Toll Gates Will be Closed Soon in India:দেশত শীঘ্ৰে বন্ধ হ’ব টোলগেট !

ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

tollgate

Toll Gates Will be Closed Soon in India:

টোলপ্লাজাৰ জৰিয়তে সংগ্ৰহ কৰা টোলকৰৰ সন্দৰ্ভত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। মন্ত্ৰীজনে দাবী কৰা অনুসৰি এনডিএ চৰকাৰে শীঘ্ৰে দেশত টোলগেটৰ ব্যৱস্থা বন্ধ কৰিব।

ADVERTISEMENT

মহাৰাষ্ট্ৰৰ নাগপুৰত আজি গাডকাৰীয়ে ক’লে, ‘আমি টোলগেট ব্যৱস্থা সমাপ্ত কৰিব বিচাৰিছো। অচিৰে টোলকৰ সংগ্ৰহৰ কাম কৃত্ৰিম উপগ্ৰহৰ মাধ্যমৰে কৰা হ’ব। আমি ছেটেলাইট আধাৰিত টোলকৰ সংগ্ৰহ ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত কৰ সংগ্ৰহ কৰিম।

এই ব্যৱস্থাত কৰ প্রত্যক্ষভাৱে এজন ব্যক্তিৰ বেংক একাউণ্টৰ পৰা কৰ্তন কৰা হ’ব আৰু উক্ত ব্যক্তিয়ে যিমান কিলোমিটাৰ ভ্ৰমণ কৰিব সেই অনুসৰি তেওঁৰ পৰা টোলকৰ কৰ্তন কৰা হ’ব।

কেন্দ্রীয় মন্ত্রীজনে লগতে দাবী কৰি কয় যে ছেটেলাইট আধাৰিত টোলকৰ সংগ্ৰহ ব্যৱস্থা প্ৰৱৰ্তিত হ’লে মানুহৰ সময় আৰু ধন উভয়ে ৰাহি হ’ব।

Exit mobile version