AFSPA Act Has Been Extended To Six Months In Four Districts of Assam:অসমৰ ৪ জিলাক অশান্ত অঞ্চল ঘোষণা

চৰাইদেউ, শিৱসাগৰ,তিনিচুকীয়া, ডিব্ৰুগড়ত আফস্পা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি, ৪ জিলাত বাহাল থাকিব আফস্পা

home ministry

AFSPA Act Has Been Extended To Six Months In Four Districts of Assam:

কেন্দ্ৰীয় চৰকাৰে আগন্তুক ছয় মাহৰ বাবে অসমৰ কে’বাখনো জিলাত পুনৰ ম্যাদ বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা
উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে ।

১ এপ্ৰিলৰ পৰা অসমৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাক সামৰি ছমাহৰ বাবে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ চমুকৈ আফস্পা ২০২৪ বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে,২৮ মাৰ্চত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগালেণ্ডৰ আঠখন জিলা আৰু ২১খন থানাত আৰু অৰুণাচলৰ তিনিখন জিলাৰ তিনি আৰক্ষী এলেকাত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। নগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমাউকেডিমা, মন, কিফিৰে, নোক্লক, ফেক,পেৰেন আৰু অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা সহ নামচাইৰ জিলাৰ তিনিখন আৰক্ষী থানা ক্ৰমে নামছাই, মহাদেৱপুৰ, চৌখামৰ এলেকাতো বৃদ্ধি কৰা হৈছিল আফস্পাৰ আইনখনৰ ম্যাদ

মনকৰিবলগীয়া যে, অসম আৰক্ষীয়ে চাৰিখন জিলাত এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকাটো বাধা দি ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতি হোৱা বুলি দৃঢ়তাৰে প্ৰতিবেদন দাখিল কৰাৰ পিছতে এই সময়সীমা বৃদ্ধি কৰা হয়।

আনহাতে ,গৃহ মন্ত্ৰণালয়ৰ এজন বিষয়াই সংবাদ মাধ্যমক জানিব দিয়া মতে, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক এই সন্দৰ্ভত প্ৰস্তাৱ দাখিল কৰে, যিয়ে যথাযথ বিবেচনাৰ অন্তত ‘অশান্ত এলেকা’ সম্পৰ্কীয় ‘যথাৰ্থ অৱস্থা’ অতিৰিক্ত সময়ৰ বাবে বজাই ৰখাৰ সিদ্ধান্ত লয় ছমাহৰ সময়সীমা

Exit mobile version