Silchar Murder:: শিলচৰত লোমহৰ্ষক হত্যাকাণ্ড

স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক,পলায়ন হত্যাকাৰী স্বামী আফজালুৰ ৰহমান

silchar

Silchar Murder:

শিলচৰত লোমহৰ্ষক হত্যাকাণ্ড ৷ নিজ পত্নীৰ ডিঙিত দাৰে ঘপিয়াই হত্যা কৰে স্বামীয়ে ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন ঘাতক স্বামী ৷

প্ৰাপ্ত খবৰ অনুসৰি, শিলচৰ মেহেৰপুৰৰ কাবিউৰাত বহুদিন ধৰি ভাড়াতীয়া হিচাপে আছিল আফজালুৰ ৰহমান আৰু পত্নী কহিনুৰ বেগম ৷ শিলচৰ পলিটেকনিকৰ কর্মচাৰী আফজালুৰ আৰু পত্নীৰ মাজত প্ৰায়ে চেগাচোৰোকাকৈ পাৰিবাৰিক কন্দল হৈ থকাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

কিন্ত যোৱা নিশা এই পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিতে আফজালুৰে খঙৰ ভমকত দাৰে পত্নী কহিনুৰ বেগমৰ ডিঙিত উপযু্পৰি ঘপিয়াই পলায়ন কৰে । গুৰুত্বৰভাৱে আহত কহিনুৰক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে ৷

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষী মেহেৰপুৰৰ কাবিউৰাত উপস্থিত হৈ ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷ একেদৰে হত্যাকাৰী আফজালুৰৰ সন্ধানত অভিযান চলাইছে ৷

Exit mobile version