Cm Cycle Rally In Majuli:প্ৰতিকুল বতৰকো নেওচি মাজুলীত ১৫ কিল’মিটাৰ চাইকেল চলাই প্ৰচাৰাভিযান মুখ্যমন্ত্ৰীৰ

যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে

cm rally 2

Cm Cycle Rally In Majuli:

ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে সকলো সৰু- বৰ সকলো ৰাজনৈতিক দলে প্ৰচাৰ অভিযানত নামি পৰাৰ মাজতে আজিৰে পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান

ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰা অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ এপ্রিললৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই চলাব ব্যাপক প্ৰচাৰ অভিযান ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে ১৫ দিনত ৩৪ খন জনসভাত অংশ ল’ব ৷ আনহাতে প্ৰতিকুল বতৰকো নেওচি মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰাই আজি লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে ৷ মাজলীৰ সদৰ গড়মূৰ মিনি ষ্টেডিয়ামত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰীয়ে অংশ লৈ পিছত এই স্থানৰ পৰা মহৰীচুকলৈ এক চাইকেল ৰেলীত অংশ লয় ৷

১৫ কিঃমিঃ যোৰা সুদীৰ্ঘ পথছোৱাত মুখ্যমন্ত্ৰীয়ে চাইকেল চলাই পথৰ দুয়োকাষে ৰৈ থকা গুণমুগ্ধৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে কণকণ শিশু সহ বিভিন্নজনৰ স’তে কথোপকথন কৰে ৷

এই চাইকেল ৰেলীৰ প্ৰচাৰ চলোৱা সময়ত মুখ্যমন্ত্রীক সংগ দিয়ে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু,মাজুলী ভূবন গাম সহ কে’বা গৰাকী বিধায়কে ৷

উল্লেখ্য যে,যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এই বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে আঠ হাজাৰৰো অধিক কাৰ্যকৰ্তাই ৷

Exit mobile version