Advantages And Disadvantages Of Birth Control Methods:জন্ম নিয়ন্ত্রণ পদ্ধতিৰ ভাল-বেয়া দিশ

kapar t

Advantages And Disadvantages Of Birth Control Methods:

জন বিস্ফোৰণৰ পৰা দেশক ৰক্ষা কৰিবলৈ এসময়ত চীন চৰকাৰে প্ৰণয়ন কৰিছিল এটা সন্তানৰ আইন। যাৰ বাবে দেশখনৰ জনসংখ্যা বহুখিনি নিয়ন্ত্রণলৈ আহে। অৱশ্যে এতিয়াও চীনেই হৈছে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। এই ক্ষেত্ৰত কিন্তু ভাৰতো বৰ বেছি পিছ পৰি থকা নাই। ইতিমধ্যেই ভাৰতৰ জনসংখ্যাই ১৪০ কোটি অতিক্রম কৰিছে।

অলপতে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশ কৰা এক প্রতিবেদনত উল্লেখ কৰা হয় যে ২০৫০ৰ ভিতৰতে বিশ্বৰ সামগ্রিক জনসংখ্যাই বৰ্তমানৰ ৭৭০ কোটিব পৰা বৃদ্ধি হৈ প্রায় ৯৭০ কোটি হ’ব। অর্থাৎ পৰবৰ্তী ৩০ বছৰত বৃদ্ধি পাব দুশ কোটি জনসংখ্যা। এইখিনি সময়ৰ ভিতৰতে ভাৰতৰ জনসংখ্যাই চীনক অতিক্রম কৰিব বুলিও ধাৰণা কৰা হৈছে।

অৱশ্যে ভাৰতৰ জন বিস্ফোৰণ হ্রাস কৰিবলৈ দেশৰ চৰকাৰেও বহুদিনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে দেশৰ স্বাস্থ্য খণ্ডই জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদ্ধতি প্রয়োগ কৰিছে। সম্প্রতি আমাৰ দেশত চাৰি বিধ ‘জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি প্রচলিত। যিহেতু জন বিস্ফোৰণৰ কবলৰ পৰা দেশক ৰক্ষা কৰাৰ দায়িত্ব তথা প্রয়োজনীয়তা আমাৰ নাগৰিকসকলৰ ওপৰতে ন্যস্ত, গতিকে এই জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিসমূহৰ ভাল-বেয়া দিশবোৰো সকলোৱে জনা উচিত।

ইন্ট্রাইউটেৰাইন ডিভাইচ (আই ইউ ডি) টি আকৃতিৰ এই ডিভাইচ মহিলাৰ জৰায়ুত প্রৱেশ কৰালে ই জন্ম নিৰোধকৰূপে কাম কৰে। ইয়াক কপাৰ-টি বুলিও কোৱা হয়। এই কপাৰ-টি দুই প্ৰকাৰৰ। এবিধ নন হৰম’নেল আৰু আনবিধ হৰম’নেল লেভ’ন’ৰজেক্ট্রাল। যিটো নন হৰম’নেল, সি শুক্রাণুক নিষিক্ত হোৱাত বাধা দিয়ে। আনবিধে জৰায়ুমুখৰ পেশীক অধিক শক্তিশালী কৰি তোলে। ফলত ডিম্বাণু কোনোপধ্যে নিষিক্ত হ’ব নোৱাৰে। অৱশ্যে এই পদ্ধতিত জন্ম নিয়ন্ত্রণ হয় যদিও যৌনতা সংক্রান্তীয় কোনো ধৰণৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰে।

কন্ট্রাছেপ্টিভ ইমপ্লেন্ট:

এই কন্ট্রাছেপ্টিভ জৰায়ুৰ পৰিৱৰ্তে ছাল বা হাতৰ ওপৰফালে স্থাপন কৰা হয়। ই প্রায় তিনি বছৰলৈ কাম কৰে। এই কন্ট্রাছেপ্টি ভে একমাত্ৰ গৰ্ভধাৰণ ৰোধ কৰে। ইয়াৰ ফলত প্ৰ’জেষ্টেৰনৰ সৃষ্টি কিছু পৰিমাণে হ’লেও স্বাভাৱিক হয়। অৱশ্যে অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ, ওজন বৃদ্ধি হোৱা,স্তনৰ বিষ, পেটৰ বিষৰ দৰে উপসর্গই দেখা দিয়ে।

জন্ম নিয়ন্ত্রক বড়ি:
বার্থ কন্ট্রোল পিলৰ ব্যৱহাৰ আজিৰ দিনত অত্যন্ত বেছি। অধিকাংশ নাৰীয়ে এই পিলত স্বাচ্ছন্দ্যবোধ কৰে। অৱশ্যে এই বড়ি বা পিল দুই ধৰণৰ। এবিধত প্ৰ’জেষ্টেৰন বেছি থাকে আৰু আনবিধত ইস্ট্রোজেন-প্ৰ’জেষ্টেৰন দুই বিধেই থাকে। অৱশ্যে প্র’জেষ্টেবনে কিন্তু গৰ্ভধাৰণতো সহায় কৰে। সকলো সময়তে জন্ম নিয়ন্ত্রক টেবলেট সেবন কৰিলেই সুফল পোৱা নাযায়। কেতিয়াবা ঋতুস্ৰাৱৰ সমস্যাতো এই পিল ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি এই পিল সেৱন কৰিলে নানা ধৰণৰ সমস্যা বা পার্শ্বপ্রতিক্রিয়াই দেখা দিব পাৰে ৷

Exit mobile version