Illegal Tir in C.M. Constituency:অবৈধ তীৰৰ কৰাল গ্ৰাসত মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত চলে তীৰৰ মুকলি বেহা, গেলা মালৰ দোকানৰ পৰা আৰম্ভ কৰি পাচলিৰ দোকানলৈ সুলভ হৈ পৰিছে এই অবৈধ তীৰৰ বেহা

tir 1

Illegal Tir in C.M. Constituency:

অবৈধ তীৰৰ কৰাল গ্ৰাসত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি ৷ কামৰূপৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত মুকলিকৈ চলে তীৰৰ ৰমৰমীয়া বেহা। গেলা মালৰ দোকানৰ পৰা আৰম্ভ কৰি পাচলিৰ দোকানলৈ সুলভ হৈ পৰিছে এই অবৈধ তীৰৰ বেহা।

বিশেষকৈ উত্তৰ গুৱাহাটী অভয়পুৰৰ বলেন গগৈ নামৰ যুৱক এজনৰনেতৃত্ত্বত মুকলিকৈ অব্যাহত আছে তীৰ। কেৱল মাত্ৰ অভয়পুৰে নহয়, উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত মুকলিকৈ চলে এই অবৈধ তীৰৰ বেহা।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই অবৈধ তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষীক ব্যৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰী গৰাকীৰ সকলো নিৰ্দেশ যেন ফুটুকাৰ ফেনত হে পৰিণত হৈছে তেওঁৰ নিজ গৃহ সমষ্টিত। যাৰ ফলত আৰক্ষীৰ চকুৰ সন্মুখতে এনেদৰে মুকলিকৈ চলি আছে অবৈধ তীৰৰ ৰমৰমীয়া বেহা।

Exit mobile version