What Colors Are The Best Selling Cars In India:ভাৰতত কি ৰঙৰ গাড়ী সর্বাধিক বিক্রী হয়?

ৰং নিৰ্বাচনত গ্ৰাহকৰ আছে কুসংস্কাৰো

car

What Colors Are The Best Selling Cars In India:

এখন নতুন গাড়ী ক্ৰয় কৰিবলৈ গ’লে সর্বপ্রথমে গুৰুত্ব দিয়া হয় বাজেট অর্থাৎ গাড়ীৰ মূল্যত। ইয়াৰ পাছতো গুৰুত্ব লাভ কৰা বিষয়টো হৈছে গাড়ীখনৰ ৰং। ভাৰতীয় গ্রাহকসকল গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত কেইটিমান বিশেষ ৰঙৰ প্ৰতি অধিক দুৰ্বল। গাড়ীৰ ৰং নিৰ্বাচনত ভাৰতীয় গ্রাহকৰ আছে কুসংস্কাৰো।

ভাৰতীয় ক্ৰেতাৰ পছন্দৰ গাড়ীৰ ৰঙৰ সন্দৰ্ভত প্ৰস্তুত কৰা এক সমীক্ষাৰ তথ্য অনুসৰি দেশীয় ক্রেতাই সাধাৰণতে নটা ৰঙৰ গাড়ী সর্বাধিক ক্ৰয় কৰি আহিছে। বাজেট যিমানে নহওক, ভাৰতীয় ক্রেতাই এই নটা ৰঙৰ গাড়ী সবাতোকৈ অধিক পছন্দ কৰে। পৰিসংখ্যা অনুসৰি ভাৰতত সর্বাধিক বিক্ৰী হৈ আহিছে বগা ৰঙৰ গাড়ী। গাড়ীৰ আকাৰ ক্ষুদ্র বা ডাঙৰে হওক, দেশত বিক্রী হোৱা অর্ধেকাংশ গাড়ীৰ ৰং হৈছে বগা। ভাৰতীয় গাড়ী ক্রেতাৰ প্রিয় দ্বিতীয় ৰংটো হৈছে ছিলভাৰ বা ৰূপালী।

তথ্য অনুসৰি ভাৰতত বিক্ৰী হোৱা ২০ শতাংশ গাড়ীৰ ৰং ৰূপালী। আনহাতে, গ্ৰে বা ধূসৰ ৰঙৰ গাড়ীও ভাৰতত যথেষ্ট জনপ্রিয়। মুঠ গাড়ীৰ ১১ শতাংশ হৈছে ধূসৰ ৰঙৰ। ভাৰতীয় গাড়ী ক্রেতাৰ চতুৰ্থ প্রিয়ং ৰং হৈছে নীলা। দেশত বিক্রী হোৱা মুঠ গাড়ীৰ চাৰি শতাংশ নীলা ৰঙৰ। ৰঙা ৰঙৰ প্ৰতিও ভাৰতীয়ৰ বিশেষ আকর্ষণ আছে আৰু দেশৰ গাড়ীৰ বজাৰত বিক্ৰী হোৱা মুঠ গাড়ীৰ পাঁচ শতাংশৰ ৰং ৰঙা।

ক’লা ৰঙৰ গাড়ীও ভাৰতত যথেষ্ট জনপ্রিয়। দেশত বিক্রী হোৱা মুঠ গাড়ীৰ পাঁচ শতাংশ ক’লা ৰঙৰ। সেউজীয়া ৰঙৰ গাড়ী ভাৰতত এতিয়াও বিশেষ জনপ্রিয় হোৱা নাই। দেশত মুঠ বিক্রী হোৱা গাড়ীৰ দুই শতাংশ হৈছে সেউজীয়া ৰঙৰ। বেইজ ৰঙৰ গাড়ী এখনত ভাৰতৰ বজাৰত সৰ্বাধিক জনপ্রিয় আছিল যদিও বর্তমানে মাত্র দুই শতাংশ গাড়ী ক্রেতাইহে বেইজ ৰঙৰ গাড়ী ক্ৰয় কৰিছে। ছেডান আৰু বিলাস বহুল এছইউভি ফ্ৰেতাৰ মাজত জনপ্রিয় হৈছে পার্পল ৰঙৰ গাড়ী। অৱশ্যে ভাৰতত মুঠ বিক্ৰী হোৱা গাড়ীৰ দুই শতাংশ হৈছে পার্পল ৰঙৰ।

Exit mobile version