10 Million Devotees Visit Ram Temple in 48 Days:
অযোধ্যা বিশ্বৰ ধার্মিক ৰাজধানীত পৰিণত হ’ল। ৰাম মন্দিৰ ন্যাসৰ তথ্য অনুসৰি, যোৱা ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্রতিষ্ঠাৰ পাছৰে পৰা ১০ মার্চলৈকে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিলে এক কোটি ভক্তই।
অর্থাৎ বিগত ৪৮ দিনত দৈনিক গড়ে দুই লাখ লোকে ৰাম মন্দিৰ দর্শন কৰিছিল। বিশ্বত আন কোনো ধর্মীয় স্থানত ইমান কম দিনত অভিলেখ সংখ্যক ভক্তৰ সমাগম হোৱা নাছিল।
খ্রীষ্ট ধর্মৰ সবাতোকৈ বৃহৎ ধর্মীয় স্থান ভেটিকান চিটিত বছৰি গড়ে প্রায় ৯০ লাখ লোকে দর্শন কৰি আহিছে। আনহাতে, মুছলমানসকলৰ পবিত্র স্থান মক্কাত যোৱা বছৰত ১.৩৫ কোটি ভক্তই ভিৰ কৰিছিল। ইয়াৰ বিপৰীতে মুকলি কৰাৰ পৰা মাত্র ৪৮ দিনতে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিলে এক কোটি ভক্তই ৷






























