Latmandal Arrested In Ghograpar:ঘগ্ৰাপাৰত ঘোচখোৰ লাট মণ্ডলক আটক

দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত হাত দাঙিলে খগেন কলিতাই

latmandal

Latmandal Arrested In Ghograpar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি ঘোচ লৈ হাত দাঙিলে লাট মণ্ডল খগেন কলিতাই ৷ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ মধ্য বাক্সাৰ ৮ নং লাট (ধমধমা) আৰু পশ্চিম বনভাগ মৌজাৰ ৫ নং লাটৰ লাট মণ্ডল খগেন কলিতাক আজি হাতে লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাই

জানিব পৰা মতে উল্লেখিত লাটৰ অন্তৰ্গত এগৰাকী লোকৰ মাটি কিনা বেচাৰ অনুমতি পত্ৰ উলিয়াই দিয়াৰ নামত ৫ হাজাৰ টকা লাট মণ্ডল খগেন কলিতাই উৎকোচ বিচাৰিছিল ৷

সেইমৰ্মে আজি কাৰ্যালয়টোৰ নিজৰ চকীতে উক্ত ব‍্যক্তিজনৰ পৰা দাবী কৰা ধনখিনি লোৱাৰ সময়তে পৰ্বৰে পৰা নজৰ কৰি থকা অনুসন্ধানকাৰী দলটোৱে খগেন কলিতাক আটক কৰে।

ইয়াৰ পিছতে কাৰ্যালয় চৌহদতে আটকাধীন মণ্ডল গৰাকীক প্ৰায় ৪ ঘন্টা সময় ধৰি মাৰাথান জেৰা কৰাৰ পিছত তেওঁক অনুসন্ধানকাৰী দলটোৱে কাৰ্যলয় চৌহদৰ পৰা লৈ যায়।

Exit mobile version