Himanta Biswa Sarma Visit Nagaon : নগাঁৱত সুৰেশ বৰাৰ মনোনয়ন দাখিলত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছ এতিয়া পুৰণা নোট,এই নোট এতিয়া নচলে ,কংগ্ৰেছৰ কথা চিন্তা নকৰিব

cm road show 1

Himanta Biswa Sarma Visit Nagaon :

নৰেন্দ্ৰ মোদী সূৰ্য ,হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰ ৷ এনে প্ৰেক্ষাপটত সূৰ্য থাকিলেহে চন্দ্ৰ সজীৱ হৈ থাকিব ৷ আজি নগাঁৱৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকি নিৰ্বাচনী সভা এখনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক সূৰ্য স’তে তুলনা কৰি নিজকে চন্দ্ৰ বুলি অভিহিত কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ সুদীৰ্ঘ ভাষণত আৰু কয় যে , আমাৰ নগাঁৱৰ দলীয় প্ৰাৰ্থী সুৰেশ বৰা আজিৰ পৰা আপোনালোকৰ বাবে নৰেন্দ্ৰ মোদী ৷ গতিকে তেওঁক ভোট দিয়া মানে মোদী প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত ৷ আনহাতে কংগ্ৰেছক পুৰণা নোট বুলি আখ্যা দি এই নোট এতিয়া অচল ৷ গতিকে কংগ্ৰেছক ভোট দি লাভ নাই ৷ এই দলে সৰ্বসাধাৰণৰ কোনো উন্নতি কৰিব নোৱাৰে ৷

যোৱা তিনিটা বছৰত অসমত ক্ষীপতাৰে উন্নয়ন হৈছে ৷ যাৰবাবে আন্দোলনবোৰ নোহোৱা ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে ৷ আনহাতে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সকলো লোকে অৰুণোদয় পোৱাটো নিশ্চিত বুলি উল্লেখ কৰি শীৰ্ঘেই ব্ৰক্ষ্মপুত্ৰ নৈ পৰীয়া অঞ্চল ধিং, মৈৰাবাৰী আৰু লাহৰিঘাটত মথাউৰি নিৰ্মাণ ক্ষীপতাৰে হ’ব ৷

ইয়াৰ পিছতে এক দীঘলীয়া ৰোড শ্বৰে সমদল কৰি মুখ্যমন্ত্ৰী সহ দলীয় প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত হয় জিলা আয়ুক্ত কাৰ্যালয়ত ৷ তাৰ পিছতে দাখিল কৰে মনোনয়ন ৷ সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্ৰীত্ৰয় কেশৱ মহন্ত,জয়ন্তমল্ল বৰুৱা,পীযুষ হাজৰিকা, প্ৰাক কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই,বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মমিন,বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী,ৰমাকান্ত দেউৰীয়ে ৷

Exit mobile version