Leopard Seen Rooming Near GMCH:জি এম চি এইছৰ চৌহদত নাহৰফুটুকীৰ বিচৰণ

আতংকিত স্থানীয় আবাসী, নাহৰফুটুকীটোক ধৰিবলৈ স্থাপন কৰা হৈছে পিঞ্জৰাবদ্ধ

tiger

Leopard Seen Rooming Near GMCH:

মহানগৰীৰ মাজমজিয়াত নাহৰফুটুকীৰ অবাধ বিচৰণ ৷ ভঙাগড়স্থ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত নাহৰফুটুকীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় আবাসী ৷

উল্লেখ্য যে,জি এম চি এইছৰ প্ৰেক্ষাগৃহৰ কাষত নাহৰফুটুকীয়ে পাইচাৰি কৰাৰ লগতে জীৱ-জন্তু ভক্ষণ কৰাৰ দৃশ্য বন্দী হৈছিল বিভিন্নজনৰ ম’বাইলৰ কেমেৰাত । ইয়াৰ পাছতে আতংকিত হৈ পৰে আবাসী সকল ৷

আজি নাহৰফুটুকী বাঘটো ধৰিবলৈ জিএম চি এইছৰ প্ৰেক্ষাগৃহৰ সমীপত বন বিভাগে স্থাপন কৰিছে লৌহ পিঞ্জৰা ৷

Exit mobile version