Gold Prices Rose To Rs 72,000 in Some States:একাংশ ৰাজ্যত সোণৰ মূল্য ৭২ হেজাৰ টকা হ’ল

৮০ হেজাৰ টকালৈ বৃদ্ধি ৰূপৰ মূল্য

gold

Gold Prices Rose To Rs 72,000 in Some States:

ভাৰতৰ ইতিহাসত সবাতোকৈ দামী হ’ল সোণ আৰু ৰূপ। কলকাতাৰ বজাৰত প্ৰথমবাৰৰ বাবে প্রতি ১০ গ্রাম ২৪ কেৰেটৰ সোণৰ মূল্যই আজি ৭০ হেজাৰ টকাৰ সীমা অতিক্ৰম কৰিলে।

ADVERTISEMENT

আনহাতে, ৰূপৰো মূল্য শুক্ৰবাৰে ৮০ হেজাৰ টকাৰ অধিক হ’ল। ২৪ কেৰেটৰ প্ৰতি ১০ গ্রাম সোণৰ মূল্য আজি ৭০,১০০ টকালৈ বৃদ্ধি পোৱাত সামগ্রী আৰু সেৱা কৰসহ মূল্য ৭২,২০৩ টকালৈ বৃদ্ধি পালে।

২২ কেৰেটৰ সোণৰ মূল্য আজি ৬৬,৬৫০ টকালৈ বৃদ্ধি পালে। আনহাতে, প্রতি কিলোগ্রাম ৰূপৰ মূল্য আজি ৭৭,৭৫০ টকা হ’ল আৰু জিএছটিসহ এই মূল্য হ’ব প্রায় ৮০ হেজাৰ টকা।

Exit mobile version