Moran Institute Of Tai Studies And Receach :মৰাণৰ তাই অধ্যয়ন-গৱেষণা প্ৰতিষ্ঠানত থাইলেণ্ডৰ ১৫ জনীয়া গৱেষকৰ দল

জুতি ল'লে বিহুৰ পিঠা-পনাৰ

tai

Moran Institute Of Tai Studies And Receach :

সমাজতাত্ত্বিক অধ্যয়ন আৰু গৱেষণাৰ উদ্দেশ্যে উত্তৰ-পূব ভাৰত পৰিভ্ৰমণত থাইলেণ্ডৰ এটি ১৫ জনীয়া গৱেষক দলে উপস্থিত হয় মৰাণৰ তাই অধ্যয়ন আৰু গৱেষণা প্রতিষ্ঠানত। চোলাংকৰণ বিশ্ববিদ্যালয়কে ধৰি থাইলেণ্ডৰ কে’বাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, গৱেষক ছাত্র-ছাত্রীৰ সমন্বিত দলটোৱে উত্তৰ-পূব ভাৰতৰ ভিন্ন স্থানত বসবাস কৰা তাই নৃগোষ্ঠীয় লোকসকলৰ ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্য, ৰীতি-নীতি, পৰম্পৰা আৰু বৰ্তমানৰ তেওঁলোকৰ জীৱন ধাৰণ স্থিতিৰ ওপৰত ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ সপ্তাহজোবা সূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে।

ADVERTISEMENT

ৰঙালী বিহুৰ উখল-মাখল পৰিবেশত মঙলবাৰে আহি মৰাণহাটত উপস্থিত হোৱা বিদেশী অতিথিসকলক পোনে পোনে শৈক্ষিক প্রতিষ্ঠানখনৰ বাটচ’ৰাতে প্রত্যেককে একোখনকৈ ফুলাম গামোচাবে আদৰ সম্ভাষণ জনোৱা হয়। দলটোৱে প্রথমে অধ্যয়ন প্রতিষ্ঠানত অসমীয়া, ইংৰাজীৰ উপৰি থাই, লাও, শ্বান, তাই ইত্যাদি ভিন্ন দেশী-বিদেশী ভাষাৰ কিতাপ-পত্ৰবে সমৃদ্ধ পুথিভঁৰালটো পৰিদৰ্শন কৰে।

পাছত অধ্যয়ন আৰু গৱেষণা প্রতিষ্ঠানৰ মূল সংগ্রহালয়ত জমা কৰি ৰখা প্রাচীন পুথি- পাজি, সাঁচিপাতৰ ফলি আৰু আন আপুৰুগীয়া সম্বলসমূহ পর্যবেক্ষণ কৰি সেইবোৰৰ তথ্য আৰু ছবি সংগ্ৰহ কৰে। শেষত অতিথি দলটোক বিহুৰ পিঠা-পনা, চাহ- মিথৈ ইত্যাদিৰে অপ্যায়ন কবি বিদায় পৰত প্ৰতিষ্ঠানৰ পৰা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত নিয়মীয়াকৈ প্রকাশিত বার্ষিক গৱেষণা পত্রিকা একোখন প্রতিষ্ঠানৰ তৰফৰ পৰা সঞ্চালক ড: গিৰিণ ফুকনে প্রত্যেককে প্রদান কৰে।

Exit mobile version