Gas Tanker Fire:শিলচৰৰ পেট্ৰ’ল পাম্পত অঘটন

ৰৈ থকা গেছৰ টেংকাৰত অগ্নিকাণ্ড

petral pump

Gas Tanker Fire:

শিলচৰত অঘটন ৷ বৃহস্পতিবাৰে পুৱা শিলচৰ চহৰৰ ৰাম নগৰস্থ এটা পেট্ৰ’ল পাম্পত ৰখাই থোৱা এখন গেছ পৰিবাহী টেংকাৰত হঠাতে সূত্ৰপাত হয় অগ্নিকাণ্ড

হঠাতে টেংকাৰখনত জুই লগাৰ লগে লগে ধোৱাৰে আৱৰি ধৰে পেট্ৰল পাম্প চৌহদ ৷ লগে লগে হুৱাদুৱা লাগে ৷ পেট্ৰল পাম্পত তেল ভৰাবলৈ অহা আন লোকসকলে নিজৰ বাহন সমূহ লৰালৰিকৈ লৈ সেই স্থান ত্যাগ কৰে ৷

আনহাতে ,গেছৰ টেংকাৰ খন অতি তৎপৰতাৰে পেট্ৰল পাম্পৰ পৰা টানি ৰাজপথলৈ আনি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰে সমগ্ৰ অঞ্চলটোক ৷ যাৰবাবে ৰক্ষা পৰে পেট্ৰল পাম্পৰ গাতে লাগি থকা বহু কে’বাখনো ব্যবসায়িক প্ৰতিষ্ঠান । অৱশ্যে পিছত ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ‌ গাড়ী উপস্থিত হৈ ততাতৈয়াকৈ জুই নিৰ্বাপিত কৰে টেংকাৰখনৰ ৷

উল্লেখ্য যে, গেচৰ টেংকাৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত নাছিল টেংকাৰ খনৰ চালক বা হেণ্ডিমেন ৷

Exit mobile version