Gas Tanker Fire:
শিলচৰত অঘটন ৷ বৃহস্পতিবাৰে পুৱা শিলচৰ চহৰৰ ৰাম নগৰস্থ এটা পেট্ৰ’ল পাম্পত ৰখাই থোৱা এখন গেছ পৰিবাহী টেংকাৰত হঠাতে সূত্ৰপাত হয় অগ্নিকাণ্ড ৷
হঠাতে টেংকাৰখনত জুই লগাৰ লগে লগে ধোৱাৰে আৱৰি ধৰে পেট্ৰল পাম্প চৌহদ ৷ লগে লগে হুৱাদুৱা লাগে ৷ পেট্ৰল পাম্পত তেল ভৰাবলৈ অহা আন লোকসকলে নিজৰ বাহন সমূহ লৰালৰিকৈ লৈ সেই স্থান ত্যাগ কৰে ৷
আনহাতে ,গেছৰ টেংকাৰ খন অতি তৎপৰতাৰে পেট্ৰল পাম্পৰ পৰা টানি ৰাজপথলৈ আনি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰে সমগ্ৰ অঞ্চলটোক ৷ যাৰবাবে ৰক্ষা পৰে পেট্ৰল পাম্পৰ গাতে লাগি থকা বহু কে’বাখনো ব্যবসায়িক প্ৰতিষ্ঠান । অৱশ্যে পিছত ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ ততাতৈয়াকৈ জুই নিৰ্বাপিত কৰে টেংকাৰখনৰ ৷
উল্লেখ্য যে, গেচৰ টেংকাৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত নাছিল টেংকাৰ খনৰ চালক বা হেণ্ডিমেন ৷