GMCH INCIDENT:জিএমচিএইছ চাঞ্চল্য ! প্ৰসূতিক চৰিওৱা অভিযোগ ডা: অভিষেক মহাজনৰৰ বিৰুদ্ধে

এবছৰলৈ বহিস্কাৰ কনিষ্ঠ চিকিৎসকজন

gmch

GMCH INCIDENT:

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক প্ৰহাৰৰ অভিযোগ ৷ এই ঘটনা আজি পুৱাতে সংঘটিত হয় চিকিৎসালয় খনত ৷ প্ৰসূতি গৰাকীয়ে ইতিমধ্যে অধীক্ষক ডা:অভিজিৎ শৰ্মাক দিয়া অভিযোগ অনুসৰি বুধবাৰে জিএমচিএইছৰ প্ৰসূতি কক্ষত প্ৰসূতিজনিত কাৰণত ভৰ্তি হোৱা গৰ্ভৱতী মহিলা গৰাকীক আজি পুৱাভাগত ডা: অভিষেক মহাজনে শাৰিৰীক ভাৱে প্ৰহাৰ কৰে ।

ADVERTISEMENT

আনহাতে গৰ্ভৱতী মহিলা গৰাকীয়ে দিয়া অভিযোগ অনুসৰি অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই এক সংবাদমেলত উল্লেখ কৰে যে,ইতিমধ্যে প্ৰসূতি গৰাকীয়ে দিয়া অভিযোগ গুৰুত্ব সহকাৰে লৈ এক তদন্ত কমিটি গঠন কৰি দিয়া হয় ৷এই কমিটিৰ ২৪ ঘন্টাৰ ভিতৰত আজি সন্ধিয়াতে দাখিল কৰিব প্ৰতিবেদন ৷ যদি প্ৰতিবেদনত দোষী সাব্যস্ত হয় তেন্তে প্ৰসূতি বিভাগৰ স্নাতকোত্তৰ তৃতীয়বৰ্ষৰ অধ্যয়নৰত কনিষ্ঠ চিকিৎসক অভিষেক মহাজনক কৰা হ’ব এবছৰলৈ নিলম্বন ৷

শেহতীয়া খবৰ অনুসৰি তদন্ত কমিটিয়ে সন্ধিয়া দাখিল কৰা প্ৰতিবেদনত কনিষ্ঠ চিকিৎসক অভিষেক মহাজনক দোষী সাব্যস্ত কৰা হয় ৷ সেই অনুসৰি জিএমচিএইছ কৰ্তৃপক্ষই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এবছৰলৈ বহিস্কাৰ কৰে ৷

Exit mobile version