Congress Candidate Pradyut Bardoloi is ill:নিৰ্বাচনী প্ৰচাৰাভিযানৰ মাজতে হঠাৎ অসুস্থ নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

বাতিল সকলো নিৰ্বাচনী সভা, মৰিগাঁৱৰ জালুগুটিত আছিল প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ সভা

padut bordoloi

Congress Candidate Pradyut Bardoloi is ill:

নিৰ্বাচনী প্ৰচাৰাভিযানৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱৰ জালুগুটিত আছিল প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ সভা। সেই সভাৰ মাজতে অসুস্থ হৈ পৰে ৷ আনহাতে ইয়াৰ পিছত মৰিগাঁওৰ পাশ্বৱৰ্তী দন্দুৱাত আন এখন নিৰ্বাচনী সভা আছিল যদিও সেই সভা বাতিল কৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নগাঁৱলৈ যাত্ৰা কৰে প্ৰদ্যুৎ বৰদলৈ।

ADVERTISEMENT

উল্লেখ্য যে,নগাঁৱত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ২৬ এপ্ৰিলত ৷ যাৰবাবে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে নগাঁৱৰ সংসদীয় সমষ্টিৰ চোকে-কোনে মাৰাথান প্ৰচাৰাভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version