Hema Malini:
ADVERTISEMENT
লোকসভাৰ আসন্ন নির্বাচনত মথুৰা সমষ্টিৰ বিজেপিৰ হাই প্ৰফাইল প্রার্থী তথা বলিউডৰ বৰ্ষীয়ান অভিনেত্রী হেমা মালিনীয়ে নির্বাচনী প্রচাৰ চলাই নিজকে ভগৱান কৃষ্ণৰ গোপী বুলি অভিহিত কৰিলে।
তৃতীয়বাৰৰ বাবে মথুৰাত প্রতিদ্বন্দ্বিতা কৰা অভিনেত্ৰীগৰাকীয়ে নির্বাচনী প্রচাৰত ক’লে, ‘মই ৰাজনীতিলৈ নাম আৰু খ্যাতি অথবা আন কোনো মুনাফা আদায় কৰিবলৈ অহা নাই। মই এই কাৰণত ৰাজনীতিলৈ আহিলো যাতে মই দেশবাসী তথা মথুৰাবাসীক সেৱা কৰিব পাৰো।
মই নিজকে ভগৱান শ্রীকৃষ্ণৰ এগৰাকী গোপী বুলি ভাবো। যিহেতু ভগৱান শ্রীকৃষ্ণ। বৃজবাসীক ভাল পায়, সেয়েহে মই ভাবিলো যে যদি মই সততাৰে বৃজবাসীৰ সেৱা কৰিব পাৰো তেন্তে মই ভগবান শ্রীকৃষ্ণৰ আশীর্বাদ লাভ কৰিব পাৰিম।